গুৱাহাটী,৪ ফেব্ৰুৱাৰী: ঘাটি বাজেটৰ দোহাই দি ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিদ্যুৎ বিভাগে বৃদ্ধি কৰে বিদ্যুৎ মাচুল(Electricity tariff hike in Assam) । সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাই ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্তৰ পাছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল সংগঠন । আছুকে আদি কৰি বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । বিদ্যুৎ বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে তীব্ৰ প্ৰতিবাদেৰে কঁপাই তোলে বিজুলী ভৱন(TMC opposes Electricity tariff hike) ।
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে ৰূপায়ন কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শনিবাৰে পল্টনবজাৰস্থিত বিজুলী ভৱনত তৃণমূল কংগ্ৰেছ কৰ্মী সকলে অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, বিজেপি চৰকাৰ হায় হায়, জনবিৰোধী নীতি বাতিল কৰক, শক্তিমন্ত্ৰী হায় হায়, বিদ্যুৎ মাচুল বৃদ্ধি বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্লোগান দি হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ(TMC protest against Electricity tariff hike) ।
প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে এফালে চৰকাৰে GST বৃদ্ধি কৰিছে আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি কৰি গেলাতে টেঙা দি উপৰ্যুপৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে । যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্নজনৰ উৰ্দ্ধহাৰত বিদ্যুতৰ মাচুল বৃদ্ধি পাইছে । বাৰম্বাৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছ তথা আন আন দল-সংগঠনে ধাৰাবাহিকভাৱে কৰি অহা প্ৰতিবাদলৈয়ো চৰকাৰে কোনো কাণসাৰ নিদি পুণৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে ।