অসম

assam

ETV Bharat / state

Ripun Bora: আৰক্ষীৰ বৰ্ধিত অপৰাধজনিত কাণ্ডৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া ৰিপুন বৰাৰ - ৰিপুন বৰাৰ

প্ৰসংগঃ নলবাৰীৰ ঘগ্ৰাপাৰ থানাত আৰক্ষীৰ যৌন নিৰ্যাতন ৷ কিশোৰীক মুখ্যমন্ত্ৰীৰ উচটনিত আজি নিয়ন্ত্ৰণহীন হৈ পৰা আৰক্ষী লিপ্ত হৈছে অপৰাধত ৷ চূড়ান্ত ব্যৰ্থ গৃহ বিভাগৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷ দাবী ৰিপুণ বৰাৰ ৷

Ripun Bora
Ripun Bora

By

Published : Jun 29, 2023, 4:50 PM IST

গুৱাহাটী, ২৯ জুন: নলবাৰীৰ ঘগ্ৰাপাৰ থানাত আৰক্ষীয়ে এগৰাকী কিশোৰীক উলংগ কৰি ফটো উঠোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি সমালোচিত হৈছে আৰক্ষী ৷ এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

এক বিবৃতিত ৰিপুণ বৰাই এই ঘটনাৰ নিন্দা কৰাৰ লগতে এই ঘটনাসমূহৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে । এক বিবৃতিত অসম তৃণমূলৰ সভাপতিগৰাকীয়ে কয়,‘‘ঘগ্ৰাপাৰা থানাত এগৰাকী আৰক্ষী বিষয়াই কিশোৰীক নগ্ন কৰি ফটো উঠোৱাৰ ঘটনাত আমি লজ্জিত হৈছো । এয়া এক যৌন নিৰ্যাতনৰ ঘটনা । ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ এই অমানৱীয় কাণ্ড কৰাসকলক গৰিহণা দিয়াৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছো ।’’

কিন্তু দুৰ্ভাগ্যজনকভাৱে অভিযোগ দিয়াৰ পাচতো দোষী আৰক্ষীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গৃহ বিভাগে । লগতে বৰাৰ মন্তব্য যে ৰাইজক নিৰাপত্তা-সুৰক্ষা দিবলগীয়া স্বয়ং আৰক্ষীয়েই যদি এনে কাণ্ড কৰে, তেন্তে বিজেপি শাসনত অসম কোন দিশলৈ গতি কৰিছে, সেয়া সহজেই অনুমেয় । কেৱল ঘগ্ৰাপাৰ থানাৰ এই ঘটনাটোৱেই নহয়, শেহতীয়া সময়ছোৱাত অসম আৰক্ষীৰ একাংশৰ বহু অপৰাধ কাণ্ডৰ কথা সকলোৰে দৃষ্টিগোচৰ হৈছে ।

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগত বহুকেইজন আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছে । নকল সোণৰ বেহাত উচ্চ পদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । একাধিক অনাকাংক্ষিত এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰি মানৱতাক খৰ্ব কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হৈছে অসম আৰক্ষী ।

আনহাতে আইন নিজৰ হাতত তুলি অসম আৰক্ষীয়ে বহু ঘৰ, অনুষ্ঠান বুলডজাৰেৰে ভাঙি ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে । সেইদৰে কনমানি শিশুসহ এগৰাকী মহিলা কোনো গোচৰ ৰুজু নোহোৱাকৈ থানাত ৰাখি থোৱাৰ বাবে উচ্চ ন্যায়ালয়ে ধুবুৰী জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকক ককৰ্থনা কৰিছে বুলিও তৃণমূল কংগ্ৰেছৰ সভাপতি গৰাকীৰ মন্তব্য ৷

ৰিপুন বৰাৰ অভিযোগ, ‘‘নিজকে আইন-আদালতৰ উৰ্ধত বুলি ভাৱিবলৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ উচটনিত একাংশ আৰক্ষীৰ উৰ্দ্ধতালি দিনক দিনে বৃদ্ধি পাইছে । আইন-আদালতক বুঢ়া আঙুলি দেখুৱাই আৰক্ষী আজি গুৰু-গোঁসাই নামানি নিজে অপৰাধৰ কেন্দ্ৰ হৈ পৰিছে । আৰক্ষীৰ ওপৰত এই নিয়ন্ত্ৰণহীনতাই গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন উদঙাই দিছে ।’’

আৰক্ষীৰ শেহতীয়া কাণ্ডবোৰৰ বাবে মুখ্যমন্ত্ৰী যে নিজেই জগৰীয়া, সেই কথা জ্বলজ্বল পট পট হৈ পৰিছে বুলিও অভিযোগ কৰে বৰাই ৷ মুখ্যমন্ত্ৰীগৰাকীক গৃহ বিভাগৰ দায়িত্ব এৰিবলৈ আহ্বান জনায় ৰিপুন বৰাই কয়,“মুখ্যমন্ত্ৰীয়ে দিয়া উচটনিৰ বাবে আজি আৰক্ষীয়ে অপৰাধমূলক কাম কৰিবলৈ সাহস পাইছে । এনে পৰিপ্ৰেক্ষিতত ব্যৰ্থতাৰ অন্য নাম হৈ পৰা গৃহ বিভাগৰ মুৰব্বী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গাদীত বৰ্তি থকাৰ কোনো নৈতিক অধিকাৰ নাই ।”

লগতে পঢ়ক:Ghograpar Police station incident : উপ পৰিদৰ্শকে কলংকিত কৰিলে ঘগ্ৰাপাৰ থানাক !

ABOUT THE AUTHOR

...view details