অসম

assam

ETV Bharat / state

Guwahati district library: গুৱাহাটী জিলা পুথিভঁড়াল ভঙাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ - Guwahati District Library to be rebuilt

মুখ্যমন্ত্ৰীয়ে গুৱাহাটী জিলা পুথিভঁড়ালটি ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ পাচতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন মহল । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে অসম তৃণমূল কংগ্ৰেছেও । অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই তীব্ৰ সমালোচনা কৰি এনে হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰাৰ দাবী উত্থাপন কৰে ।

TMC opposes demolition of Guwahati district library
গুৱাহাটী জিলা পুথিভড়াল ভঙাৰ বিৰোধিতা TMC ৰ

By

Published : Jul 9, 2023, 7:58 PM IST

গুৱাহাটী জিলা পুথিভড়াল ভঙাৰ বিৰোধিতা TMC ৰ

গুৱাহাটী, ৯ জুলাই: ইটোৰ পিচত সিটো চৰকাৰী ভৱন পুনৰ নিৰ্মাণৰ নামত ভঙা-গঢ়া চলিবলৈ ধৰিছে । শেহতীয়াভাৱে পোহৰলৈ আহিছে যে গুৱাহাটী জিলা পুথিভঁড়ালটো ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ'ব । এই কথা পোহৰলৈ অহাৰ পিচতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এই বিষয়ত শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসম চৰকাৰে জিলা পুথিভঁৰালক সাহিত্য কেন্দ্ৰ হিচাপে গঢ় দিব বিচাৰে ।

জিলা পুথিভঁৰাল বুলি কলে অন্য এটা পৰিবেশ হ'ব লাগিব । সাংস্কৃতিক দিশতোৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰ আছে, সংস্কৃতিৰ বাবে ৰবীন্দ্ৰ ভৱন আছে । কিন্তু লিখা পঢ়া বৌদ্ধিক চিন্তা চৰ্চা বাবে গুৱাহাটীত তেনে কেন্দ্ৰ নাই বুলি উল্লেখ কৰি তাৰ বাবে জিলা পুথিভঁৰালক সাহিত্য কেন্দ্ৰ হিচাপে গঢ় দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল । লগতে তেওঁ উল্লেখ কৰিছিল যে গুৱাহাটী জিলা পুথিভঁড়ালত পৃথিৱীৰ সকলো কিতাপবোৰ থাকিব । সাহিত্য ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দেওবাৰে এই বিষয় সম্পৰ্কে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যি সময়ত ধাৰ-ঋণ লৈ চৰকাৰ চলাবলগীয়া হৈছে, সেইসময়ত ৮ কোটি টকাৰে পুনৰ নিৰ্মাণ চলি থকা গুৱাহাটীৰ জিলা পুথিভঁৰাল ধ্বংস কৰি আৰু নতুনকৈ ৬০ কোটি টকাৰে নিৰ্মাণ কৰাৰ যুক্তি ক'ত ! আৰ্থিক নাটনিৰ বাবে ৰাজ্যৰ বিভিন্ন ৮ টাকৈ গ্ৰাম্য পুথিভঁৰাল বন্ধ হৈ পৰাটো অতি দুৰ্ভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে অধ্যক্ষগৰাকীয়ে ।

লগতে তেওঁ কয় যে, যিসময়ত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীক পঢ়িবৰ বাবে কিতাপ যোগান ধৰিব পৰা নাই তেনে ক্ষেত্ৰত চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ যুক্তি নাই বুলি তেওঁ উল্লেখ কৰে । গ্ৰাম্য পুথিভঁৰালবোৰৰ শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি অসম চৰকাৰক এনে সিদ্ধান্ত বাতিল কৰি পুথিভঁৰালবোৰত বাতৰিকাকত, আলোচনী বা নতুন কিতাপ ক্ৰয় কৰি পঢ়ুৱৈক উৎসাহিত কৰিবলৈ দাবী জনাই অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ।

লগতে পঢ়ক:Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ তীব্ৰ বিৰোধিতা BDFৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details