গুৱাহাটী, ৬ মে': কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল যুৱ কংগ্ৰেছ (Allegation of Scam in KKHSOU)। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত সংঘটিত অনিয়মৰ সন্দৰ্ভত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰিছে তৃণমূল যুৱ কংগ্ৰেছে (TYC demand probe of Scam in KKHSOU)। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ নেতৃত্বত যোৱা এক প্ৰতিনিধি দলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কিছু অনিয়মৰ সন্দৰ্ভত হস্তক্ষেপ বিচাৰি শুকুৰবাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে (ATYC memorandum to Assam Governor)।
এই স্মাৰক পত্ৰখনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ বিৰুদ্ধে বয়স ফাঁকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছে । আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীত নাম সাঙোৰ খাই পৰা মৃদুল হাজৰিকা উক্ত বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ কেনেদৰে সদস্য হিচাপে আজিও কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ সক্ষম হৈছে বুলি স্মাৰক পত্ৰৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি তৃণমূল যুৱ কংগ্ৰেছে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে ।