অসম

assam

ETV Bharat / state

Ripun Bora Press Meet:ছিণ্ডিকেটৰ বাবে ৰাজ্যত মূল্যবৃদ্ধি হৈছে, দাবী TMC নেতা ৰিপুণ বৰাৰ - Price Hike in Assam

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল ৷ মূল্যবৃদ্ধিৰ লগেত ছিণ্ডিকেটত সন্দৰ্ভত সৰৱ হ’ল TMCৰ নেতা গৰাকী ৷ ‘অসমত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ ৰাজ্যখনত চলি থকা ছিণ্ডিকেট । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক আৰক্ষীয়ে শীঘ্ৰে জেৰা কৰিব লাগে ’ দাবী ৰিপুণ বৰাৰ ৷

Ripun Bora Press Meet
ছিণ্ডিকেটৰ বাবে ৰাজ্যত মূল্যবৃদ্ধি হৈছে

By

Published : Aug 1, 2023, 3:06 PM IST

ছিণ্ডিকেটৰ বাবে ৰাজ্যত মূল্যবৃদ্ধি হৈছে

গুৱাহাটী,1 আগষ্ট: অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল ৷ মঙলবাৰে গুৱাহাটীত মূল্যবৃদ্ধিৰ লগেত ছিণ্ডিকেটত সন্দৰ্ভত সৰৱ হ’ল TMCৰ নেতা গৰাকী ৷ "মূল্যবৃদ্ধিত সাধাৰণ ৰাইজ অতিষ্ঠ হৈছে ৷ ৰন্ধন গেছ, পে’ট্ৰল, ডিজেল, শাক-পাচলি আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি চলি থকাৰ মাজতে বিভিন্ন জীৱনদায়িনী ঔষধৰ মূল্য ২০% বৃদ্ধি কৰিছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়া কিয় মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই বিজেপি চৰকাৰে ! অচ্ছে দিনৰ সপোন দেখুৱাই এতিয়া বিজেপিয়ে ৰাইজৰ মূৰত মাধমাৰ সোধাইছে ৷ প্ৰতিদিনে ঔষধৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে জীয়াই থাকিবলৈ কঠিন হৈছে ৰাইজৰ ৷" সংবাদমেলৰ জৰিয়তে এই দৰে বিজেপি চৰকাৰক সমালোচনা কৰিলে তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷

আনহাতে শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়কৰ নাম ছিণ্ডিকেটত জড়িত বুলি প্ৰচাৰ হোৱাৰ পাচতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে সৰৱ হ’ল ৰিপুণ বৰা ৷ তেওঁ কয় , বৰ্তমান বিজেপিৰ নেতাসকল ছিণ্ডিকেটৰ লগত জড়িত হৈছে ৷ কাঠ, কয়লাৰ পৰা আৰম্ভ কৰি শাক-পাচলিৰ ছিণ্ডিকেটত চলাই আছে বিজেপি নেতাসকলে ৷ সেয়ে মূল্যবৃদ্ধি হৈছে ৷’

"অসমত বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰণ ৰাজ্যখনত চলি থকা ছিণ্ডিকেট । এই কথা বিজেপিৰ বহু কেইজন নেতাক গ্ৰেপ্তাৰৰ পিচতে ওলাই পৰিছে । ইতিমধ্যে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জিতু দাসক এই সন্দৰ্ভত জেৰা কৰাৰ কথা সকলোৱেই অৱগত। গতিকে এই ক্ষেত্ৰত অভিযোগৰ আঙুলি উঠা বিজেপিৰ সভাপতি ভৱেশ কলিতাক আৰক্ষীয়ে শীঘ্ৰে জেৰা কৰিব লাগে । ছিণ্ডিকেটৰ অভিযোগ উঠা বিজেপিৰ সভাপতি ভৱেশ কলিতাক পদৰ পৰা অপসাৰণ কৰিব লাগে ৷ তেওঁ পদৰ পৰা পদত্যাগ কৰিব লাগে ৷" সংবাদমেলত এই দাবী কৰিলে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

লগতে পঢ়ক:Gauhati High Court:গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণক মুখ্যমন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্ত আখ্যা জ্যেষ্ঠ অধিবক্তাৰ

ABOUT THE AUTHOR

...view details