গুৱাহাটী, 5 ডিচেম্বৰ :সদ্যসমাপ্ত দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত 3 খনত শাসনাধীন বিজেপি আৰু এখনত আঞ্চলিক দল বিজয়ী হোৱাৰ পিচত মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মহানগৰীৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । এই পৰাজয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যক লক্ষ্যক বিচলিত কৰিব নোৱৰাৰ লগতে এই নিৰ্বাচনত যদিও সামগ্ৰিকভাৱে বিজেপিয়ে বিজয়ী হৈছে তথাপি তুলনামূলকভাৱে শতাংশ হিচাপত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে বেছি ভোট পোৱা বুলি দাবী কৰে তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
সভাপতিগৰাকীয়ে কয়, ‘‘পাঁচ ৰাজ্যৰ নিৰ্বাচনত আমি ৰাইজৰ ৰায় মানি লৈছো । এই নিৰ্বাচন ইণ্ডিয়া মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱৰ্তীণ হোৱা নাছিল । এই যুঁজ আছিল বিজেপি আৰু কংগ্ৰেছৰ মাজতহে । INDIA ALLIANCE ৰ যি টাৰ্গেট আছে, এতিয়াও সেই টাৰ্গেটতেই লোৱা আছে । ONE TO ONE CONTAST হ’ব । পাঁচ ৰাজ্যত বিজেপি জয় হৈছে যদিও ৰাইজে বিজেপিৰ বিৰুদ্ধেহে ভোট দিছে’’ ।
তেওঁ আৰু কয়, ‘‘ৰাজস্থানত কংগ্ৰেছ আৰু বিৰোধী দলৰ ভোটৰ শতাংশ যোগ কৰিলে দেখা যায় যে বিৰোধীয়ে বেছি ভোট লাভ কৰিছে । ছত্তীশগড়তো বিৰোধী আৰু কংগ্ৰেছৰ ভোটৰ শতাংশ বিজেপিতকৈ বেছি । মধ্যপ্ৰদেশতো কংগ্ৰেছ আৰু বিৰোধীৰ ভোট যোগ কৰিলে বিজেপিতকৈ শতাংশ হিচাপত কম ৷ মানুহে বিজেপিৰ বিৰুদ্ধেহে ভোট দিছে । এই নিৰ্বাচনে লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়’’ ।