গুৱাহাটী, ১১ নৱেম্বৰ : কংগ্ৰেছ এৰি গেৰুৱা বসন পিন্ধিলে কংগ্ৰেছৰ সদ্যপদত্যাগী নেতা সুৰেশ বৰাই । বৰাৰ উপৰিও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ পদত্যাগী অধ্যক্ষ দিলীপ শৰ্মাকে ধৰি অৰ্ধশতাধিক লোকেও যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত ।
শনিবাৰে গুৱহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে এইসকল নেতাই ৷ দলৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰীকা, ৰণোজ পেগু, নগাঁও সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছত্যাগী নেতাকেইগৰাকীয়ে ।
ইফালে ভাজপাত যোগদানৰ পূৰ্বে শনিবাৰে পুৱা মুখ্যমন্ত্ৰীক আৱাসগৃহক সাক্ষাৎ কৰে প্ৰাক্তন কংগ্ৰেছী নেতা সুৰেশ বৰাই ৷ সুৰেশ বৰাৰ লগতে যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়েও যোগদান কৰে দলটোত ৷ আনহাতে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পদত থকা দিলীপ শৰ্মায়ো তৃণমূল কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।