অসম

assam

By

Published : May 11, 2022, 11:03 PM IST

ETV Bharat / state

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ ৷ এই মন্তব্য় তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ । 'কা' দেশত বলবৎ হোৱাৰ আঢ়ৈ বছৰৰ পিছতো ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নহ'ল । অমিত শ্বাহে পশ্চিমবংগত ক'ভিড শেষ হ'লে 'কা' বলবৎ কৰিম বুলি কয় আৰু ইয়াৰ বিপৰীতে অসমত আইনখনক লৈ অসমত নীৰৱ ভূমিকা পালন কৰে ।

Home minister Amit Shah
'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

গুৱাহাটী , ১১ মে: 'নাগৰিকত্ব সংশোধনী আইন(কা) সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল আছে তৃণমূল কংগ্ৰেছ । দলটোৱে কোনো কাৰণতে এই আইন মানি নলয় । পশ্চিম বংগতে নহয় কোনো ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন(কা) সমৰ্থন নকৰে তৃণমূল কংগ্ৰেছে । এন আৰ চিৰ নামত বিজেপি চৰকাৰে ভেকোভাওনা কৰিছে ।' বুধবাৰে গুৱাহাটীৰ জয়ানগৰত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি এইদৰে মন্তব্য় কৰে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে । তেওঁ কয় যে 'কা' সন্দৰ্ভত বিজেপিয়ে যে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে এই কথা দেশৰ জনতাই বুজি পাইছে ।

বিজেপিয়ে 'কা'ক ৰাজনৈতিক টোপৰ দৰে ব্যৱহাৰ কৰিছে । দেশৰ জনতাই এই কথাও সহজে অনুমান কৰিব পাৰিছে । সচৰাসচৰ আইন এখন বলবৎ কৰাৰ দুই-তিনি বা খুব বেছি পাচ-ছমাহৰ পিছত আইনখনৰ বিধি প্ৰস্তুত কৰা হয় । কিন্ত 'কা' দেশত বলবৎ হোৱাৰ আঢ়ৈ বছৰৰ পিছতো ইয়াৰ নিয়মাৱলী প্ৰস্তুত কৰা নহ'ল । 'কা'ৰ বিধি প্ৰস্তুতৰ বাবে বাৰম্বাৰ সময় বিচাৰি আছে । ইয়াৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Home minister Amit Shah) পশ্চিমবংগত ক'ভিড শেষ হ'লে 'কা' বলবৎ কৰিম বুলি কয় আৰু ইয়াৰ বিপৰীতে অসমত আইনখনক লৈ অসমত নীৰৱ ভূমিকা পালন কৰে ।

'কা' সন্দৰ্ভত পূৰ্বৰ স্থিতিতে অটল আছে তৃণমূল কংগ্ৰেছ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) সন্দৰ্ভতো অভিষেক বেনাৰ্জীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে এন আৰ চিৰ নামত ৰাজহুৱা ধন অপব্যয় কৰা হ'ল । যিসকল লোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি চৰকাৰ গঠন কৰিলে, নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিলে সেইসকল লোকক এন আৰ চিৰ জৰিয়তে চৰকাৰে কেনেকৈ অবৈধ ঘোষণা কৰিব পাৰে ? তেওঁলোক অবৈধ হ'লে তেওঁলোকৰ ভোটেৰে নিৰ্বাচিত চৰকাৰখনো অবৈধ হব । ১৬-১৭ শ কোটি টকা ব্যয় কৰি প্ৰস্তুত কৰা এন আৰ চিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিল ।

যি সকলৰ নাম এন আৰ চিত থাকিব লাগিছিল তেওঁলোক বাদ পৰিল আৰু বাদ পৰিবলগীয়া সকলৰ নাম এন আৰ চিত সোমাল । অনুপ্ৰৱেশ ৰোধ কৰাটো ৰাজ্য চৰকাৰৰ কাম নহয়, ইয়াৰ বাবে বি এছ এফ আছে । আনহাতে পশ্চিমবংগত ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বেনাৰ্জীয়ে । তেওঁ কয় যে ২০১১ চনৰ পৰা পশ্চিমবংগত কোনো মূল্য বৃদ্ধি হোৱা নাই । কম দিনৰ ভিতৰতে মমতা বেনাৰ্জী অসমলৈ আহিব বুলি নেতাজনে কয় ।

তেওঁ কংগ্ৰছকো সমালোচনা কৰে । অভিষেক বেনাৰ্জীয়ে কয় যে কংগ্ৰেছ বৰ্তমান টুইটাৰ, ফেচবুক পাৰ্টিলৈ পৰ্যৱসিত হৈছে। অনুষ্ঠানত সংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিষেক বেনাৰ্জীয়ে কয় যে অসমত তৃণমূল কংগ্ৰেছ শাসনলৈ আহিলে অসমৰ মাটিৰ মানুহে ইয়াত শাসন চলাব । পশ্চিমবংগই এই ক্ষেত্ৰত হস্তক্ষেপ নকৰে এই কথা তেওঁ দাঠি কব পাৰে । কিন্তু অমিত শ্বাহ বা নৰেন্দ্ৰ মোডীয়ে দিল্লী আৰু গুজৰাটৰ কথাত অসম নচলে বুলি কব নোৱাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিব্যক্তি দেখিলে সেই কথা বুজা যায় ।

লগতে পঢ়ক:অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details