গুৱাহাটী,৮ নৱেম্বৰ:চৰকাৰে বিমুদ্ৰাকৰণ ঘোষণা কৰা ৬ বছৰ সম্পূৰ্ণ হ'ল(6 years of demonetisation in India) । ষষ্ঠ বৰ্ষপূৰ্তিৰ দিনটোতে বিমুদ্ৰাকৰণ সন্দৰ্ভত তীব্ৰ সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছে(TMC react on demonetisation) ।২০১৬ চনৰ ৮ নৱেম্বৰত বিজেপি চৰকাৰে কৰা বিমুদ্ৰাকৰণ ঘোষিত লক্ষ্যত উপনীত হোৱাত চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি ইয়াৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ দিনটোক ক'লা দিন হিচাপে অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই(TMC Assam President Ripun Bora) ।
এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অবিবেচকী আৰু একনায়কত্ববাদী মনোভাৱেৰে কেৱল চমক সৃষ্টিৰ বাবে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল । সেই দিন ধৰি প্ৰতিবছৰে এই দিনটো ক'লা দিন হিচাপে অভিহিত কৰা হৈ আহিছে । সেই সময়ত মোডীয়ে বিমুদ্ৰাকৰণৰ জৰিয়তে ক'লা ধন ঘূৰি অহা, নকল নোটৰ প্ৰচলন বন্ধ হোৱাৰ লগতে সন্ত্ৰাসবাদী সমস্যা নিৰ্মূল হ'ব বুলি কৈছিল(Demonetisation Six years) ।
কিন্তু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া(Reserve Bank of India)ৰ প্ৰতিবেদনত বিমুদ্ৰাকৰণৰ পাছতো বজাৰত প্ৰচলন হৈ থকা ৯৯.৯৯ শতাংশ ধন উভতি অহা বুলি প্ৰকাশ পাইছে বুলি অভিযোগ উত্থাপন কৰে বৰাই । অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে কোনো ক'লা ধন উভতি নাহিল । সকলোখিনি অছিল বগা ধন । গতিকে বিমুদ্ৰাকৰণ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।
তেঁও লগতে কয় যে বিমুদ্ৰাকৰণ ঘোষণা কৰা দিনৰ পৰা ভাৰতৰ অৰ্থনীতি যিধৰণে বিধ্বস্ত হৈ গ'ল তাৰ পৰা আজিও মূৰ দাঙি উঠিব পৰা নাই । হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ যোৱাৰ কথাও উল্লেখ কৰে ৰিপুন বৰাই । ইফালে ব্যক্তিগত প্ৰতিষ্ঠসনসমূহে লাখ লাখ কৰ্মচাৰী চাটাই কৰাৰ ফলত দেশৰ জিডিপি হ্ৰাস হোৱা, জনমূৰি আয় শোচনীয় হৈ পৰা বুলি উল্লেখ কৰে ।