অসম

assam

ETV Bharat / state

Assam TMC protest: চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে এতিয়া সুৰাৰ আশ্ৰয় লোৱাটো লজ্জাজনক; আক্ষেপ ৰিপুন বৰাৰ - TMC signature campaign

বিনামূলীয়া আঁচনি তথা কেন্দ্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ জাক-জমকীয়া অনুষ্ঠান পাতি ধাৰত পোত যোৱা ৰাজ্যৰ বিজেপি চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে এতিয়া সুৰাৰ আশ্ৰয় লোৱাটো লজ্জাজনক ৷ ঋণত পোত যোৱা চৰকাৰখনৰ চকু এতিয়া গ্ৰামাঞ্চলৰ চহা লোকৰ কষ্টোপাৰ্জিত ধন কেইটাৰ ওপৰত ৷ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এইদৰে কয় তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰাই (Ripun Bora takes a jibe to Assam govt) ৷

Ripun Bora takes a jibe to Assam govt
Ripun Bora takes a jibe to Assam govt

By

Published : Nov 3, 2022, 8:21 PM IST

গুৱাহাটী, 3 নৱেম্বৰ: আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰা, পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতা আৰু মহানগৰীত খোৱাপানী যোগানৰ দাবীত বেলতলা বজাৰত বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (TMC protest in Guwahati)। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, পৌৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক, আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে (Assam TMC protest against BJP govt)।

কাৰ্যসূচীত অংশ লৈ তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি ৰিপুন বৰাই (Assam TMC president Ripun Bora) কয় যে, বিনামূলীয়া আঁচনি তথা কেন্দ্ৰীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ জাক-জমকীয়া অনুষ্ঠান পাতি ধাৰত পোত যোৱা ৰাজ্যৰ বিজেপি চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে এতিয়া সুৰাৰ আশ্ৰয় লোৱাটো লজ্জাজনক (Wine Shop licences for revenue generation) ৷ ঋণত পোত যোৱা চৰকাৰখনৰ চকু এতিয়া গ্ৰামাঞ্চলৰ চহা লোকৰ কষ্টোপাৰ্জিত ধন কেইটাৰ ওপৰত ৷ ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰে গ্ৰামাঞ্চলত সুৰাৰ বিপনী খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিব ওলাইছে ৷ গ্ৰামাঞ্চলত সুৰাৰ বিপনীয়ে চহা সমাজ ধ্বংস কৰিব (Ripun Bora takes a jibe to Assam govt)।

তেওঁ লগতে কয় যে, বিজেপি চৰকাৰৰ নিৱনুৱা সমস্যা সমাধানৰ বাবে কোনো গুৰুত্ব নাই । মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই । বিজেপি চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে সুৰাৰ দোকান বৃদ্ধি কৰা আৰু পৌৰ কৰ আদি বৃদ্ধি কৰি অসমৰ ৰাইজক মাধমাৰ দিছে । তৃণমূল কংগ্ৰেছে বিজেপি চৰকাৰৰ এই জনবিৰোধী কামৰ বিৰোধিতা অব্যাহত ৰাখিব বুলি তেওঁ সদৰী কৰে ।

তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদস্থলিত তৃণমূল কংগ্ৰেছৰ তৰপৰ পৰা গণস্বাক্ষৰ অভিযান চলোৱা হয় (TMC signature campaign) । প্ৰতিবাদ আৰু গণস্বাক্ষৰ চলি থকাৰ মাজতে বেলতলা বজাৰত খাপ পিটি থকা আৰক্ষী আৰু চি আৰ পি জোৱানে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । প্ৰতিবাদ স্থলিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।

আৰক্ষীয়ে প্ৰতিবাদত নেতৃত্ব দিয়া তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ প্ৰতিবাদকাৰীসকলক আটক কৰি আৰক্ষীৰ গাড়ী উঠাই বশিষ্ঠ আৰক্ষী থানালৈ লৈ যায় । পিছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়ে । কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি ৰিপুন বৰা, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতা বনদীপ দত্ত, দিগন্ত ভূষণ বৰ্মন আদি উপস্থিত আছিল ।

লগতে পঢ়ক:Wine Shop Controversy: অবৈধ সুৰাৰ প্ৰচলন ৰোধৰ বাবেহে নতুন সুৰাৰ বিপণী: শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details