অসম

assam

ETV Bharat / state

Assam TMC Slams BJP: ঘোষিত জিলা-মহকুমা গঠনত বিজেপিয়ে কুটিল ৰাজনীতি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ - Assam TMC slams BJP

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছৰ নেতা দিলীপ কুমাৰ শৰ্মা ৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কেবিনেটে কৰা জিলা আৰু মহকুমা গঠনৰ ঘোষণা বিজেপিয়ে কাৰ্যকৰী নকৰাৰ অভিযোগ ৷ ইয়াৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে আন্দোলন গঢ়ি তুলিব বুলিও তেখেতৰ মন্তব্য (Assam TMC Slams BJP) ৷

Assam TMC Slams BJP
ঘোষিত জিলা আৰু মহকুমা গঠনত বিজেপিয়ে কুটিল ৰাজনীতিৰ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

By

Published : Feb 13, 2023, 10:20 PM IST

Updated : Feb 14, 2023, 12:52 PM IST

ঘোষিত জিলা আৰু মহকুমা গঠনত বিজেপিয়ে কুটিল ৰাজনীতিৰ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, 12 ফেব্ৰুৱাৰী:তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনতেই ঘোষণা কৰা জিলা আৰু মহকুমা বিজেপিয়ে গঠন নকৰাৰ বিৰুদ্ধে ক্ষোভ অসম তৃণমূল কংগ্ৰেছৰ (Assam TMC) জ্যেষ্ঠ নেতা দিলীপ কুমাৰ শৰ্মাৰ ৷ উল্লেখ্য যে, 2016 চনৰ 26 ফেব্ৰুৱাৰীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কেবিনেটে ঘোষণা কৰিছিল দুখনকৈ জিলা আৰু 24 টাকৈ মহকুমা গঠনৰ কথা ৷ এই সন্দৰ্ভত সোমবাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় দিলীপ কুমাৰ শৰ্মা (Dilip Kumar Sarma) ৷

দিলীপ কুমাৰ শৰ্মাই কয়, ‘‘2016 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ তৰুণ গগৈ চৰকাৰৰ কেবিনেটে (Cabinet decission of Tarun Gogoi govt) 26 ফেব্ৰুৱাৰীত দুখনকৈ জিলা ক্ৰমে উত্তৰ কামৰূপ জিলা আৰু দক্ষিণ কামৰূপ জিলা ঘোষণা কৰিছিল । সেইদৰে 24 টা মহকুমা গঠনৰ বিষয়েও সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই মহকুমা কেইটা হ’ল কলগাছিয়া, কাটিগড়া, ৰামকৃষ্ণ নগৰ, পাথাৰকান্দি, টিহু, ঢেকিয়াজুলি, পাণবাৰী, মুকালমুৱা, কাটলিচেৰা, সৰভোগ, মাণিকপুৰ, নাহৰকটীয়া, হাওৰাঘাট, নগৰবেৰা, ডিয়ংব্লা, মৰাণ, মেৰাপানী, সৰুক্ষেত্ৰী, সোণাপুৰ, দিছপুৰ, গুৱাহাটী, আজাৰা, চন্দ্ৰপুৰ আৰু লক্ষীপুৰ ৷’’

তেওঁ লগতে কয়, ‘‘নিৰ্বাচনৰ পাচত গঠন হোৱা বিজেপি চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হোহোকা পিচলা নীতিৰ আশ্ৰয় লয় । সৰ্বানন্দ সোণোৱাল (Sarbanada Sonowal) চৰকাৰে তদানীন্তন বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বত উক্ত জিলা আৰু মহকুমা গঠনৰ বিষয়টো পৰ্যালোচনাৰ বাবে 2016 চনৰ 16 নৱেম্বৰত এখন উপ-সমিতি গঠন কৰি দিছিল । এই উপ-সমিতিৰ বাকী দুগৰাকী সদস্য আছিল কেশৱ মহন্ত আৰু ৰিহণ দৈমাৰী । কিন্তু সেই সমিতিয়ে কোনো প্ৰতিবেদন দাখিল নকৰিলে ।’’

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ 11 ফেব্ৰুৱাৰীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত আন এক কেবিনেট উপ-সমিতি গঠন কৰি দিয়ে য’ত মন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰিকাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰে । কিন্তু এই সমিতিয়েও এটা বছৰ উকলি যোৱাৰ পাচতো কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ দিলীপ শৰ্মাৰ (formation of declared districts and sub divisions) ৷

ইয়াৰোপৰি তেওঁ কয়, ‘‘বিজেপি চৰকাৰে এইদৰে জিলা দুখন আৰু 24 টাকৈ মহকুমা গঠনক লৈ যোৱা 4 বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰি উক্ত অঞ্চলসমূহৰ জনসাধাৰণৰ আশা-আকাংক্ষাক ভেঙুচালি কৰিছে । বেলেগ দলৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰিলে‌ বিজেপিৰ সঠিক ৰাজনৈতিক মুনাফা আদায় নহ'ব বুলিয়েই যে সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই এলাগী মনোভাৱ দেখুৱাইছে সেয়া বুজিবলৈ কাৰো বাকী নাই (Assam TMC slams BJP) । ’’

বিজেপি চৰকাৰে জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ এই কুটিল ৰাজনীতিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে জিলা আৰু মহকুমা বঞ্চিত এলেকাসমূহত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক:AAP Protest in Guwahati: গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবীত গুৱাহাটীত আপৰ উত্তাল প্ৰতিবাদ

Last Updated : Feb 14, 2023, 12:52 PM IST

ABOUT THE AUTHOR

...view details