গুৱাহাটী, 6 এপ্ৰিল: তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তকৰণৰ প্ৰস্তাব কেন্দ্ৰীয় চৰকাৰলৈ অতিশীঘ্ৰে প্ৰেৰণ কৰা তথা তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ বুধবাৰে দিনৰ ১১ বজাৰ পৰা হোৱা এই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ প্ৰতিনিধিয়ে (Tiwa Students Union Protest) ৷
প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ No sixth schedule no rest, ষষ্ঠ অনুসূচী আমাক লাগিবই, আমাৰ দাবী নাৰ্য দাবী আদি বিভিন্ন শ্ল'গানৰে উত্তাল কৰি তোলে চচলৰ পৰিৱেশ ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কৃষ্ণ কোঁৱৰে কয় যে, ১৯৯৫ চনত বৰ্তমানৰ তিৱা স্বায়ত্ত পৰিষদ গঠন হৈছিল যদিও পৰিষদখন ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত নাছিল বাবে তিৱা জনগোষ্ঠী লোকসকলে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ পৰা বঞ্চিত হৈ আছে (Tiwa Autonomous Council) ৷ যিহেতু অসম চৰকাৰৰ চৰকাৰী বিবৃতিত অসমৰ জনজাতীয় স্বায়ত্ত পৰিষদ সমূহক সাংবিধানিক মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল, সেয়ে তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তকৰণৰ প্ৰস্তাব কেন্দ্ৰীয় চৰকাৰলৈ অতিশীঘ্ৰে প্ৰেৰণ কৰিবলৈ চৰকাৰক দাবী জনায় (Protest for Demanding Sixth Schedule) ৷