অসম

assam

By

Published : Dec 19, 2020, 10:08 PM IST

ETV Bharat / state

তিৱা নিৰ্বাচনৰ ফলাফল : গেৰুৱা দলৰ ব্যাপক জয়

তিৱা পৰিষদীয় নিৰ্বাচনত ফুলিল পদুম ৷ 36 খনৰ ভিতৰত 33 খন আসনেই নিজৰ দখললৈ আনিলে শাসকীয় বিজেপি দলে ৷ এখন আসনতে সন্তুষ্ট থাকিব লগীয়া হ’ল কংগ্ৰেছ ৷

তিৱা নিৰ্বাচনত ব্যাপক জয় বিজেপিৰ
তিৱা নিৰ্বাচনত ব্যাপক জয় বিজেপিৰ

নিউজ ডেস্ক, 19 ডিচেম্বৰ: সমাপ্ত হ’ল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ শনিবাৰে ভোট গণনাৰ অন্তত ফলাফল ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৷ ইতিমধ্যে হৈ যোৱা বিটিচি নিৰ্বাচনত সন্তোষজনক ফলাফল দেখুৱাব নোৱাৰিলেও তিৱা পৰিষদীয় নিৰ্বাচনত কিন্তু জয়যাত্ৰা অব্যাহত ৰাখিলে শাসকীয় দল বিজেপিয়ে ৷

মুঠ 36 খন আসনেৰে গঠিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 33 খন আসনেই নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে গেৰুৱা দলটো ৷ ইয়াৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে দুখনকৈ আসনত জয়লাভ কৰিছে ৷

আনহাতে, ক্ৰমান্বয়ে ৰাইজৰ মাজত জনপ্ৰিয়তা আৰু সমৰ্থন হেৰুওৱা কংগ্ৰেছ দলে বিটিচি নিৰ্বাচনৰ দৰে তিৱা পৰিষদীয় নিৰ্বাচনতো পুতৌ লগাকৈ মুখ থেকেচা খাইছে ৷ কেৱল 27 নং কাকী পৰিষদীয় সমষ্টিত জয় লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজুমণি বৰদলৈ ৷ বিটিচি নিৰ্বাচনতো কংগ্ৰেছে শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত জয়লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত কংগ্ৰেছ প্ৰাৰ্থী সজল চৰকাৰে বিজেপিত যোগ দিয়ে ৷ যাৰ ফলত বিজেপিত আসন শূন্য় হৈ পৰে কংগ্ৰেছৰ ৷ মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাতো ধূলিস্যাৎ হয় কংগ্ৰেছ ৷ দুয়োখন জিলাৰ 35 টা তিৱা পৰিষদীয় সমষ্টিৰ এখন আসনতো জয়ৰ মুখ নেদেখিলে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৷ এনে পৰিপেক্ষিতত আগন্তুক বিধানসভা নিৰ্বাচন দলটোৰ বাবে কন্টকময় হৈ পৰিব বুলি ধাৰণা কৰা হৈছে ৷

বিভিন্ন দলৰ বিজয়ী সমষ্টি সমূহ :

বিজেপি :জামাদাৰী, বৰঙানি, ভূৰবন্ধা, কোঁৱৰগাঁও, ঢেকীফলা, মানিপুৰ, ঘাগুৱা, দমাল, তেতেলীয়া, জোনবিল, ন-খোলা, নেলী-খলা, গোভা, বিহুবৰী, শ’লমাৰী, ভোমোৰাগুৰি, চাৰিপুনীয়া-চাবুকধৰা, বাৰপূজীয়া,টোপাকুছি, পুখুৰীপাৰ, জৰাবাৰী, জোঙালবলহু, চহৰী, ডিমৰীয়া, লুটুমাৰী, কমাৰগাঁও, নামবৰ-লালুং, লালুংপাৰ, ডিগাৰু, ক্ষেত্ৰী, সোণাপুৰ, আম্প্ৰী, ফং-আৰি

অগপ:গড়মাৰি, বৰচিলা

কংগ্ৰেছ : কাকী

লগতে পঢ়ক : খালী হৈ যাব কংগ্ৰেছৰ মোনা : কিয় কলে আঙুৰলতা ডেকাই !

ABOUT THE AUTHOR

...view details