গুৱাহাটী, 24 নৱেম্বৰ:ঋতু পৰিবৰ্তনৰ লগে লগে অৰ্থাৎ গৰম আৰু ঠাণ্ডাৰ মাজৰ সময়চোৱাত শিশু সকলৰ জ্বৰ, কাঁহ, চৰ্দি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । দিনৰ ভাগত গৰম নিশাৰ ভাগত ঠাণ্ডা, এই সময়ত এনে ৰোগ শিশুসকলৰ ক্ষেত্ৰত হোৱাৰ অধিক আশংকা দেখা দিয়ে । সেয়ে এই সময়চোৱাত শিশুসকলৰ অধিক যত্ন ল’ব লাগে । সেয়ে নিশাৰ সময়ত ফেন চলালেও ফেনৰ স্পীডটো কমাই ৰাখিব লাগে । শিশুসকলক শোৱাৰ সময়ত পাতল কম্বল ব্যৱহাৰ কৰিব দিব লাগে । এই সময়চোৱাত শিশুসকলক ঠাণ্ডা পানীৰ পৰিবৰ্তে কুহুমীয়া পানী খাবলৈ দিব লাগে ।
শীতৰ সময়চোৱাত গৰম দিনৰ তুলনাত খোৱা পানীৰ পৰিমাণ হ্ৰাস পায় । কম পৰিমাণে পানী খোৱাৰ ফলত কেতিয়াবা ডিহাইড্ৰেচন হোৱা দেখা যায়, লগতে কেতিয়াবা প্ৰস্ৰাৱৰো সমস্যা হোৱা দেখা যায় ৷ সেয়ে এই সময়চোৱাতো সময়ে সময়ে শিশুসকলক পানী খাবলৈ দিব লাগে । আনহাতে শীতৰ এই সময়চোৱাত যিহেতু ঋতু পৰিবৰ্তনৰ বাবে জ্বৰ, কাঁহ, চৰ্দি হোৱাৰ আশংকাই দেখা দিয়ে, সেয়ে এই সময়চোৱাত শিশুসকল বাহিৰলৈ গ’লে মাস্ক ব্যৱহাৰ কৰিবলৈ দিব লাগে ।