অসম

assam

ETV Bharat / state

ট্ৰিপ্ৰা এজেপিৰ মিত্ৰতা : উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনীতিত নতুন চমক লুৰীণৰ

অসম জাতীয় পৰিষদ আৰু দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সে(টিপ্ৰা)ই স্থাপন কৰিছে ৰাজনৈতিক মিত্রতা । দুয়োটা দলে ৰাজনৈতিক সহযোগিতাৰ এক আৰম্ভণি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলক লগত লৈ এক আঞ্চলিক ৰাজনৈতিক আন্দোলন গঢ়ি তোলাৰ চিন্তা চৰ্চা কৰিছে ৷

TIPRA and AJP will form new political front in northeast
ট্ৰিপ্ৰা এজেপিৰ মিত্ৰতা : উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনীতিত নতুন চমক লুৰীণৰ

By

Published : Sep 7, 2021, 8:57 PM IST

গুৱাহাটী,৭ ছেপ্তেম্বৰ : খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থকা আঞ্চলিক ৰাজনৈতিক সংগ্ৰামখনক ঐক্যবদ্ধ কৰি আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদ(এজেপি) আৰু দ্য ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ'নেল এলায়েন্সে (টিপ্ৰা)ই ৰাজনৈতিক মিত্রতা কৰিছে । মঙলবাৰে গুৱাহাটীৰ কলাক্ষেত্রত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । উল্লেখ্য যে, মঙলবাৰে কলাক্ষেত্রৰ শ্ৰীমন্ত মাধৱদেৱ আন্তজাৰ্তিক পেক্ষাগৃহত এজেপিৰ এখন জাতীয় কৰ্মীসভা অনুষ্ঠিত হয় ।

এই সভাত ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী তথা টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মানিক্য দেৱবাৰ্মাই অংশ গ্ৰহণ কৰে । সভাৰ পাছতেই লুৰীণজ্যোতি গগৈ আৰু প্ৰদ্যুত বিক্ৰম মানিক্য দেৱবাৰ্মাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয়, ' আজি আমি উত্তৰ-পূৰ্বাঞ্চলৰ বঞ্চিত, নিষ্পেষিত, শোষিত জাতিসত্বাসমূহে একে দৃষ্টিভংগীৰে, ঐক্যবদ্ধভ‍াৱে আগবঢ়াৰ বিষয়ত ঐক্যমত পোষণ কৰি আমি আঞ্চলিক ৰাজনৈতিক সংগ্ৰামখন তীব্ৰতৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰো ।'

ট্ৰিপ্ৰা এজেপিৰ মিত্ৰতা : উত্তৰ-পূৱৰ আঞ্চলিক ৰাজনীতিত নতুন চমক লুৰীণৰ

তেওঁ জনায়, এজেপি আৰু টিপ্ৰাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে দুয়োটা দলে ৰাজনৈতিক সহযোগিতাৰ এক শুভ আৰম্ভণি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলক লগত লৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক আন্দোলন গঢ়ি তুলিব । এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলৰ লগত আলোচনা মৰ্মে শীঘ্ৰেই ঘোষণা কৰা হ’ব ৷

গ্ৰহণ কৰা দাবীসমূহৰ প্ৰসংগত লুৰীণজ্যোতি গগৈয়ে কয়, নাগৰিকত্ব সংশোধনী আইন তৎকালে বাতিল কৰিব লাগিব । এন আৰ চি উন্নীতকৰণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবে আমি দাবী জনাইছো। আনহাতে ত্রিপুৰা ৰাজ্যৰ ত্রিপুৰীসহ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষা আৰু পৰিচয় সংৰক্ষণৰ হকে সাংবিধানিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো । চৰকাৰে পৃথক টিপ্ৰালেণ্ডৰ দাবী মানি লওক, সেইদৰে অসম চুক্তিৰ সকলো দফা সঠিকভাৱে ৰূপায়ন কৰাৰো দাবী জনায় এজেপি সভাপতি গৰাকীয়ে ৷

সংবাদমেলত টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মানিক্য দেৱবাৰ্মাই কয়, ' এজেপিয়ে আমাৰ টিপ্ৰালেণ্ডৰ দ‍াবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে । আমি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিয়েই পৃথক টিপ্ৰালেণ্ডৰ দাবী জনাইছো । ইয়াৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। বিগত কেইবা দশক ধৰি আমি অস্তিত্বৰ সংকটত ভোগী আহিছো । এনেদৰে থাকিলে আমি নিঃশেষ হৈ যাম ।'

তেওঁ লগতে কয়-' উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলক দিল্লীয়ে সন্মান প্ৰদৰ্শন নকৰিলে আমি নিজে কৰিব লাগিব। স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া আন বীৰ-শ্বহীদৰ লগতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ত্রিপুৰ‍াত স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে।' সংবাদমেলত এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপৰি কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক :ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

ABOUT THE AUTHOR

...view details