অসম

assam

By

Published : Nov 4, 2020, 10:16 PM IST

ETV Bharat / state

আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন জালুকবাৰীৰ টিনাক

মহানগৰীৰ জালুকবাৰীৰ টিনা বৈশ্য আক্ৰান্ত কৰ্কট ৰোগত ৷ জীৱন-মৃত্যুৰে যুঁজা টিনাক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে ৷ কিন্তু আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটিৰ নাই পৰ্যাপ্ত ধন ৷

Tina baishya is suffering from cancer
আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন জালুকবাৰীৰ টিনাক

কামৰূপ মেট্ট,4নৱেম্বৰ: জীৱন মৃত্যুৰে যুঁজিছে মহানগৰীৰ জালুকবাৰীৰ টিনা বৈশ্য নামৰ এগৰাকী কিশোৰী ৷ টিনা আঞ্চলিক জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ শ্ৰেণীৰ এগৰাকী ছাত্ৰী ৷ শেহতীয়াকৈ টিনা আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত । গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসা কৰা হৈছে যদিও সুস্থ হোৱা নাই টিনা । ক্ৰমাৎ অধিক অসুস্থ হৈ পৰিছে কিশোৰী গৰাকী ।

আপোনাৰ অলপ সহায়ৰ প্ৰয়োজন জালুকবাৰীৰ টিনাক

কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে এতিয়া বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে । উন্নত চিকিৎসাৰ বাবে পৰিয়ালটিক প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ ধনৰ । কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ ওচৰত নাই পৰ্যাপ্ত ধন ৷ যাৰ বাবে পৰিয়ালটি বৰ্তমান চিন্তিত হৈ পৰিছে ৷ ধনৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজা কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে কোনো পথ বিচাৰি নাপায় পৰিয়ালটিয়ে চৰকাৰ তথা ৰাইজৰ পৰা বিচাৰিছে অলপ সহায় ৷

অতি দৰিদ্ৰ পৰিয়ালৰ টিনাক আৰ্থিক সহায় কৰিব বিচাৰিলে মাতৃ অঞ্জলী বৈশ্যৰ বিজয়া বেংকৰ বৰাগাঁও(বেটকুচী) শাখাৰ 80170101100224 নম্বৰ একাউণ্টত দিব পাৰিব ধন ৷ উক্ত একাউন্টৰ IFSC হৈছে VIJB0008017,অথবা 9706162007 আৰু 9678873597 নম্বৰত ফোনযোগে যোগাযোগ কৰিব পাৰে পৰিয়ালটিক। আপোনাৰ অলপ সঁহাৰিয়ে হয়টো দুৰ্ভগীয়া পৰিয়ালটোলৈ আনিব পাৰে সুখবৰ ৷

অন্য এক খবৰৰ বাবে: অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ মূখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details