গুৱাহাটী, 22 ডিচেম্বৰ: ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত চাউথ এছিয়ান গেমছৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা তীখৰ উদ্যানখন সোমবাৰে উদ্বোধন কৰা হয় ৷ অসমক ক্ৰীড়াৰ ৰাজধানী তথা ক্ৰীড়াৰ কেন্দ্ৰস্থল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে ২ কোটি টকা ব্যয়ৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছে তীখৰ উদ্যান ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে উদ্বোধন কৰা উদ্যানখনত স্থাপিত তীখৰ অৰ্থাৎ চাউথ এছিয়ান গেমছৰ শুভংকৰৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াছে প্ৰয়াত ভাস্কৰ্য শিল্পী দিলীপ ভূষণ শৰ্মাই ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'তীখৰ উদ্যান'ৰ শুভ উদ্বোধন - আন্তঃৰাষ্ট্ৰীয় এথলীট তৈয়বুন নেছা
২ কোটি টকা ব্যয়ৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা তীখৰ উদ্যানখন সোমবাৰে উদ্বোধন কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভালেমান গণ্য মান্য ব্যক্তিৰ উপস্থিতিত উদ্যানখন শুভ উদ্বোধন কৰে ৷
![গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'তীখৰ উদ্যান'ৰ শুভ উদ্বোধন tikhor park inaugurated at gauhati university](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9961672-687-9961672-1608601295175.jpg)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'তীখৰ উদ্যান'ৰ শুভ উদ্বোধন
উল্লেখ্য যে, তীখৰ উদ্যানৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ সৌন্দৰ্যবৰ্ধন আৰু ক্ৰীড়াৰ এক বাতাবৰণ গঢ়ি তুলিব বুলি উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে ৷ এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি,অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ,অসম চৰকাৰৰ আয়ুক্ত সচিব মলয় বৰা,আন্তঃৰাষ্ট্ৰীয় এথলীট তৈয়বুন নেছাকে প্ৰমুখ্য কৰি ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই আকৰ্ষণ কৰিছে বনভোজৰ দলক