অসম

assam

ETV Bharat / state

লখৰাত বাঘৰ হাড়,দাঁত,মূৰ জব্দ

এচ টি এফ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই সামগ্ৰী খিনি ।

লখৰাত বাঘৰ হাড়, দাঁত, মূৰ জব্দ

By

Published : Sep 14, 2019, 1:20 PM IST

Updated : Sep 14, 2019, 4:16 PM IST

গুৱাহাটী,14 ছেপ্টেম্বৰঃশুকুৰবাৰে মহানগৰীৰ লখৰা চাৰিআলিত বৃহৎ পৰিমাণৰ বাঘৰ হাড়,দাঁত,মূৰ আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয় ৷ এচটিএফ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থা আৰু দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ যুটীয়া অভিযানত জব্দ কৰা হয় এই সামগ্ৰী খিনি।

ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান

এই সন্দৰ্ভত অভিযানকাৰী দলটোৱে দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক দুজন লাহৰীঘাটৰ ওমৰ ফাৰুক আৰু নেকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি ধৃত লোকদ্বয়ে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী খিনি যাত্ৰীবাহী বাছত লাহৰীঘাটৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে আনিছিল। ইপিনে জানিব পৰা মতে লোক দুজনৰ লগত এটা গঁড়ৰ খৰ্গ আৰু কিছু অস্ত্ৰ শস্ত্ৰও আছিল । কিন্তু এই পৰ্যন্ত অভিযানকাৰী দলটোৱে লোক দুজনৰ পৰা গঁড়ৰ খৰ্গটো আৰু অস্ত্ৰ শস্ত্ৰ সমূহ জব্দ কৰিবলৈ সক্ষম হোৱা নাই।

লখৰাত বাঘৰ হাড়, দাঁত, মূৰ জব্দ
Last Updated : Sep 14, 2019, 4:16 PM IST

ABOUT THE AUTHOR

...view details