অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ দুজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ - বোকাজানত ৰতন ইংতিক প্ৰাৰ্থীত্ব প্ৰদান

বৃহস্পতিবাৰে ঘোষণা কৰা হয় কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ দুজনীয়া প্ৰাৰ্থী তালিকা ৷ এই তালিকাত স্থান লাভ কৰিছে দুজনকৈ ন-কংগ্ৰেছীয়ে ৷

কংগ্ৰেছ দলৰ দ্বিতীয় পৰ্যায়ৰ দুজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ
কংগ্ৰেছ দলৰ দ্বিতীয় পৰ্যায়ৰ দুজনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ

By

Published : Mar 11, 2021, 3:10 PM IST

Updated : Mar 11, 2021, 3:38 PM IST

গুৱাহাটী,১১ মাৰ্চঃ বিজেপিৰ পৰা টিকট নাপাই ৭ মাৰ্চত কংগ্ৰেছত যোগদান কৰা ছুম ৰংহাঙে কংগ্ৰেছত যোগদান কৰিয়েই লাভ কৰিলে টিকট । বৃহস্পতিবাৰে ঘোষণা কৰা হয় কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰাৰ্থী তালিকা । উল্লেখ্য যে, বুধবাৰে নিশা প্ৰকাশ পাইছিল কংগ্ৰেছৰ ২৬ খন আসনৰ প্ৰাৰ্থী তালিকা । বৃহস্পতিবাৰে প্ৰকাশ পোৱা তালিকাত স্থান পাইছে ন-কংগ্ৰেছী ছুম ৰংহাঙে ।

কংগ্ৰেছ দলে প্ৰকাশ কৰা তালিকা অনুসৰি ডিফুত ছুম ৰংহাং আৰু বোকাজানত ৰতন ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । প্ৰথম পৰ্যায়ত কংগ্ৰেছে ৪০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল । উল্লেখ্য যে কংগ্ৰেছত টিকট বঞ্চিতৰ ক্ষোভ-অসন্তুষ্টি অব্যাহত থকাৰ সময়তেই এজন ন-কংগ্ৰেছীক প্ৰাৰ্থিত্ব দিয়াক লৈ দলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়কঃJEE(Mains)ত শীৰ্ষ স্থানত উজলিল চল্ট ব্ৰুক একাডেমিৰ ছাত্ৰ

Last Updated : Mar 11, 2021, 3:38 PM IST

ABOUT THE AUTHOR

...view details