অসম

assam

ETV Bharat / state

ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷ - দুপৰীয়া ১২.৩০

মহানগৰীত ধূলিৰ ধুমুহা বতাহ বিভিন্ন অঞ্চলত তাণ্ডৱ চলালে ধুমুহাই ৷ আমিনগাঁও,ডিমৰীয়াৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত ৷

thunderstrm-during-lock-down-guwahati Slug
ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷

By

Published : Apr 15, 2020, 5:17 PM IST

গুৱাহাটী 15 এপ্ৰিল :বিশ্বজুৰি কৰ'ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বুধবাৰে মহানগৰীৰ গুৱাহাটীত তাণ্ডৱ চলালে ধুমুহাই। ল‘ক ডাউনৰ ফলত স্তব্ধ হৈ থকা মহানগৰীক পুনৰ জগাই তোলে ধুমুহাই। দুপৰীয়া ১২.৩০ মান বজাত অহা ধূলিৰ ধুমুৱাই মহানগৰীৰ আকাশ আৱৰি ধৰাত দিনতে সম্পূৰ্ণ অন্ধকাৰ হৈ পৰে মহানগৰী ।

ধুমুহাৰ ফলত বিভিন্ন ঠাইত মানুহৰ ঘৰৰ টিং উৰি যোৱা বুলিও জানিব পৰা গৈছে। লক ডাউনৰ ফলত ৰাইজ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকাৰ ফলত বিশেষ কোনো ধৰণৰ ক্ষতি হোৱা পৰিলক্ষিত হোৱা নাই। ধুমুহাৰ পিছতে মহানগৰীত ধৰাৰ বুকুলৈ নামি আহে এজাক বৰষুণ ৷

ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷

ইপিনে,সমান্তৰালকৈ ডিমৰীয়াৰ বিভিন্ন প্ৰান্ততো ধুমুহাই চলালে তাণ্ডৱ ৰূপ,ডিমৰীয়া বৃহত্তৰ অঞ্চলত ধুমুহাৰ বিস্তৰ ক্ষতি সাধন কৰে। লক-ডাউনৰ মাজত ধুমুহাই ক্ষতি সাধন কৰাৰ ফলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্ৰায় সংখ্যক খাটি খোৱা লোকৰ ঘৰৰ টিনৰ চালি উৰুৱাই নিয়াৰ লগতে বাগৰি পৰিল গছ।

ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷

একেদৰে আমিনগাঁৱতো জোকাৰি গ'ল ধুুমুহাই ৷ দিনৰ ১২:৩০ বজাত হঠাৎ এন্ধাৰ হৈ পৰিল সমগ্র আমিনগাঁও। অৱশ্যে এতিয়ালৈকে কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই ৷
লগতে পঢক :ভাৰতবৰ্ষত ৰাজ্য ভিত্তিক কোভিড 19ৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details