অসম

assam

ETV Bharat / state

হাথৰছ কাণ্ডৰ উচিত তদন্তৰ দাবীৰে মহিলা সংগঠনৰ প্ৰতিবাদ

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ ৰ’টাৰী ক্লাৱত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি,অসম মহিলা সংঘ আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদ ৷ উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদান কৰাৰ লগতে নাৰীৰ বিৰুদ্ধে হিংসা,হত্যা বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত সংগঠন কেইটাৰ ৷

Three women organisations protest in Guwahati
হাথৰছ কাণ্ডৰ উচিত তদন্তৰ দাবীৰে মহিলা সংগঠনৰ প্ৰতিবাদ

By

Published : Oct 29, 2020, 1:56 PM IST

গুৱাহাটী,29 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদান কৰাৰ লগতে নাৰীৰ বিৰুদ্ধে হিংসা, হত্যা বন্ধ কৰাৰ দাবীৰে বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, অসম মহিলা সংঘ আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদ সাব্যস্ত ৷

হাথৰছ কাণ্ডৰ উচিত তদন্তৰ দাবীৰে মহিলা সংগঠনৰ প্ৰতিবাদ

গুৱাহাটীৰ ৰ’টাৰী ক্লাৱত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদী মহিলাসকলৰ অভিযোগ অনুসৰি, বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত বৰ্ণবাদী ৰাজনীতি জড়িত থকাৰ বাবে দলিত আৰু আদিবাসী নাৰীসকল মুঠেই নিৰাপদ নহয় ৷ দুৰ্ভাগ্যজনকভাৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে সগোত্ৰীয়সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে উঠি পৰি লাগিছে ৷ এনে পৰিস্থিতিৰ বাবে দেশৰ নাৰী সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, নাৰীৰ বিৰুদ্ধে অপৰাধ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰায় পাঁচটাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ এই প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে প্ৰতিবাদী মহিলা সংগঠন তিনিটাই ৷

লগতে পঢ়ক :উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী !

ABOUT THE AUTHOR

...view details