গুৱাহাটী, ১১ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা "নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক"(NIRF)ৰ তালিকাত শীৰ্ষৰ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ তিনিখনকৈ বিশ্ববিদ্যালয়ে । বিশ্ববিদ্যালয়ৰ ৰেংকিং তালিকাত ৪৫ সংখ্যক স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয় । তেজপুৰ বিশ্ববিদ্যালয় আছে ৪৬ সংখ্যক স্থানত আৰু শিলচৰস্থিত অসম বিশ্ববিদ্যালয় আছে ৯৩ সংখ্যক স্থানত ।
স্বাভাৱিকতে এই খবৰে ৰাজ্যৰ শৈক্ষিক খণ্ডৰ লগতে বিদ্ব্যৎ সমাজলৈও এক আশাৰ বতৰা কঢ়িয়াই আনিছে । মুঠ ১১টা শাখাৰ সামগ্ৰিক বিভাগত গুৱাহাটী বিশ্ববিদ্যালয় আছে ৬৭ সংখ্যক স্থানত আৰু ৭৩ সংখ্যক স্থান দখল কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ে । কেৱল ইমানেই নহয়, গুৱাহাটী আই আই টিয়েও অভিযান্ত্ৰিক প্ৰতিষ্ঠান শাখাত দখল কৰিছে সপ্তম স্থান । সামগ্ৰিক শাখাত নৱম স্থানত আছে গুৱাহাটী আই আই চি ।