অসম

assam

ETV Bharat / state

Drugs seized in Guwahati : গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক - গুৱাহাটীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

শুকুৰবাৰৰ নিশা মহানগৰীত ড্ৰাগছ জব্দ (Drugs seized in Guwahati) ৷ ড্ৰাগছ সৰবৰাহৰ ঘটনাত জড়িত তিনি যুৱক-যুৱতীক আটক আৰক্ষীৰ (Three persons arrested in Guwahati with drugs) ৷ মহানগৰ আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলে চানমাৰী আৰক্ষীৰ সহযোগত চলাইছিল এই অভিযান ৷

Drugs seized in Guwahati
গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজনক আটক

By

Published : Feb 26, 2022, 5:35 PM IST

গুৱাহাটী, 26 ফেব্ৰুৱাৰী :নিশাৰ মহানগৰী মানেই যেন অপৰাধীৰ ৰম্যভূমি ৷ এন্ধাৰৰ সুযোগেই হওঁক কিম্বা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবেই হওঁক, মহানগৰীত নিশা হ’লেই বৃদ্ধি পায় অপৰাধমূলক কাৰ্যকলাপ ৷ শুকুৰবাৰৰ নিশা মহানগৰীৰ কেইবাটাও স্থানত চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷

মহানগৰীত ড্ৰাগছ জব্দ

মহানগৰ আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলে শুকুৰবাৰে ড্ৰাগছ সহ (Drugs seized in Guwahati) কৰায়ত্ত কৰে তিনিগৰাকীকৈ যুৱক-যুৱতীক (Three persons arrested in Guwahati with drugs) ৷ অভিযানকাৰী দলটোৱে জব্দ কৰে 10 টাকৈ হেৰ’ইন ভৰ্তি চাবোনৰ বাকচৰ লগতে 28 টাকৈ কণ্টেইনাৰ, 4 পেকেট খালী কণ্টেইনাৰৰ লগতে এটা ম’বাইল ফোন ৷ অভিযানকাৰী দলটোক এই অভিযানত সহায় কৰে চানমাৰী আৰক্ষীয়ে ৷

আৰক্ষীয়ে কৰায়ত্ব কৰা ড্ৰাগছ সৰবৰাহকাৰী দলটোত আছে- নিউ গুৱাহাটীৰ এনী জৰ্জ (২৩), চানমাৰীৰ বিকাশ দাস (২৩) আৰু হাতীগাঁৱৰ মিজানুৰ ৰহমান (২৪) ৷ তিনিজনীয়া দলটোৱে আৰক্ষীৰ চকুত ধূলি মাৰি মহানগৰীৰ ভিন্ন স্থানত বহুদিনৰ পৰাই ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল ৷

লগতে চাওক:Sensational murder at Diphu: বিড়ি নিদিয়াৰ বাবেই প্ৰাণ ললে পিটলিৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details