অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছঃ ৰাজ্যত এই পৰ্যন্ত চিনাক্ত তিনিজন - গুৱাহাটী

বিগত বৰ্ষত এই সময়চোৱাত অসমত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছিল । স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱাটো বছৰত এই ৰোগত অসমত ৬৪২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১৬১ গৰাকীৰ মৃত্যু ঘটিছিল । এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা এন ভি বি ডি চি পিৰ এছ পি অ' ডাঃ হৰপাল সিং চুৰীয়ে । ডাঃ চুৰীয়েই এতিয়া জাপানীজ এনকেফেলাইটিছৰ সমগ্ৰ বিষয়টোৰ দায়িত্ববাহী বিষয়া ।

Japanese encephalitis
জাপানীজ এনকেফেলাইটিছ

By

Published : Jun 8, 2020, 5:07 PM IST

Updated : Jun 8, 2020, 7:26 PM IST

গুৱাহাটী, ৮ জুন: COVID 19 ৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া আৰম্ভ হৈছে জাপানীজ এনকেফেলাইটিছৰ বতৰ । ইতিমধ্যে ৰাজ্যৰ কেতবোৰ অঞ্চলত এই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা গৈছে । অৱশ্যে এই পৰ্যন্ত ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই জাপানীজ এনকেফেলাইটিছে । বিগত বৰ্ষত এই সময়চোৱাত অসমত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছিল।

জাপানীজ এনকেফেলাইটিছ

স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱাটো বছৰত এই ৰোগত অসমত ৬৪২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১৬১ গৰাকীৰ মৃত্যু ঘটিছিল। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা এন ভি বি ডি চি পিৰ এছ পি অ' ডাঃ হৰপাল সিং চুৰীয়ে। ডাঃ চুৰীয়েই এতিয়া জাপানীজ এনকেফেলাইটিছৰ সমগ্ৰ বিষয়টোৰ দায়িত্ববাহী বিষয়া ।

ডাঃ হৰপাল সিং চুৰী
তেওঁ আৰু প্ৰকাশ কৰা মতে,পূৰ্বৰ বছৰৰ দৰে জাপানীজ এনকেফেলাইটিছে এইবাৰ এতিয়ালৈকে ভয়ংকৰ ৰূপ ধাৰণ কৰা নাই যদিও স্বাস্থ্য বিভাগ সকলো ফালৰ পৰা সাজু হৈ আছে । এই পৰ্যন্ত যোৰহাট জিলাত দুজন আৰু বঙাইগাঁও জিলাত এজন জাপানীজ এনকেফেলাইটিছৰ ৰোগী চিনাক্ত কৰা হৈছিল যদিও তেওঁলোকক ইতিমধ্যে সুস্থ কৰি তোলা হৈছে । আনহাতে,জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে কেইবাখনো জিলাত ভেকচিন দিয়া হৈছিল । কিন্তু তাৰ মাজতো বাদ পৰি গৈছিল ৯ খন জিলা । এই বাদ পৰি যোৱা জিলাকেইখনৰ ভিতৰত গোৱালপাৰাত ৮৭ শতাংশ,কোকৰাঝাৰত ৪৬ শতাংশ আৰু দক্ষিণ শালমাৰাত ২৯ শতাংশ ভেকচিনৰ কাম সম্পূৰ্ণ হোৱাৰ সময়তে আৰম্ভ হয় কোভিড সংক্ৰমণৰ ঘটনা । সেয়েহে এই জিলাকেইখনত এইবাৰো ভেকচিনেছনৰ কাম সম্পূৰ্ণ হৈ নুঠিল । জাপানীজ এনকেফেলাইটিছৰ ভেকচিন সাধাৰণতে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত প্ৰদান কৰিব লাগে ।
ডাঃ হৰপাল সিং চুৰী
লগতে পঢ়কঃঅখিল গগৈক বিনাচৰ্তে মুক্তি দিবলৈ কলগাছিয়াত প্ৰতিবাদ

ইপিনে,জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ প্ৰায়২১ লাখ ৫০ হাজাৰ ঔষধযুক্ত আঠুৱা কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৱন্টন দিছে আৰু সেইখিনি শীঘ্ৰে অসম পাবহি বুলি ডাঃ চূৰীয়ে জানিবলৈ দিয়ে । মূলতঃ পাহাৰীয়া জিলাকেইখনতে এই আঠুৱাসমূহ বিতৰণ কৰা হ'ব । একেসময়তে এই ৰোগ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছাম কমিউনিটি চাৰ্ভিলেঞ্চ প্ৰগ্ৰেমৰ অধীনত বিভিন্ন কাম কৰি থকা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। মন কৰিবলগীয়া যে বিগত বৰ্ষত জাপানীজ এনকেফেলাইটিছত সৰ্বাধিক লোকৰ মৃত্যু ঘটিছিল গোৱালপাৰা (১৩ জন), লখিমপুৰ (৯), ডিব্ৰুগড় (১১), যোৰহাট (১২), শোণিতপুৰ (৭) আৰু নগাঁৱত (৯) ।

ডাঃ হৰপাল সিং চুৰী
Last Updated : Jun 8, 2020, 7:26 PM IST

ABOUT THE AUTHOR

...view details