গুৱাহাটী, ২২ ছেপ্টেম্বৰ:চৰকাৰী নীতি জনসাধাৰণৰ পৰিপন্থী হ'লে বহুসময়ত শাসকীয় গোষ্ঠীৰ লোকো সৰৱ হৈ পৰে । বিজেপি চৰকাৰৰ বহু জন পৰিপন্থী নীতি তথা কাৰ্যকলাপে ৰাইজৰ দৰে শাসকীয় দলৰো বহুতকে প্ৰভাৱিত কৰিছে । বহুতে মুখ খুলিবলৈ সাহস নকৰে যদিও আন বহুতে ৰাজহুৱাকৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰে । শেহতীয়াকৈ এগৰাকী মন্ত্রীৰ কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে শাসকীয় দলটোৰ দুজন বিধায়কৰ লগতে মিত্রদলৰ এজন বিধায়কক(MLAs react on property tax collection)।
উল্লেখ যে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ (property tax collection on private institution)দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তক লৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (MLAs opposed Minister Ashok Singhals decision) বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে গুৱাহাটীৰ দুই বিধায়ক অতুল বৰা (MLA Atul Bora opposed private institution ) আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ (Siddhartha Bhattacharya react on Singhals decision )লগতে মিত্রদলৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । গুৱাহাটীৰ বিধায়ক পৌৰ নিগমৰ পাৰিষদক অজ্ঞাতে ৰাখি মন্ত্ৰী সিংঘালে তেনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতা ক’ত পালে বুলি প্ৰশ্ন কৰি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ক্ষোভেৰে কয় যে মুখ্যমন্ত্ৰীৰ উপৰি গুৱাহাটীত তিনিজন বিধায়ক আছে। তদুপৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ,উপ-মেয়ৰ,পাৰিষদ আছে । বিধায়ক, পৌৰ নিগমৰ পাৰিষদসকলক অৱগত নকৰাকৈ মন্ত্রী সিংঘালে তেনে সিদ্ধান্ত লোৱাৰ ক্ষমতা ক'ত পালে বুলি বিধায়ক বৰাই প্ৰশ্ন উত্থাপন কৰিছে (New system of GMCs property tax collection)।
বিধায়ক বৰাই পুনৰ কয় যে মহানগৰীখনত হ'বলগীয়া চৰকাৰী কাম-কাজ পৌৰ নিগমে ৰূপায়ণ কৰি আহিছে । পৌৰ নিগমৰ ওপৰত যদি ইমানেই হস্তক্ষেপ কৰিব বিচাৰে তেন্তে নিগমৰ নিৰ্বাচনেই পাতিব নালাগিছিল বুলি তেওঁ কয় । তেওঁ লগতে কয় যে এতিয়া সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব যদি ব্যক্তিগত প্রতিষ্ঠানক দিয়া হয় তেন্তে নলা-নর্দমা চাফা কৰাৰ বাহিৰে গুৱাহাটী পৌৰ নিগমৰ কোনো অস্তিত্বই নাথাকিব । বহিৰাগত প্ৰতিষ্ঠানক প্ৰতিটো কামতে আমন্ত্রণ কৰাৰ কি কাৰণ আছে বুলি প্ৰশ্ন কৰি বিধায়ক বৰাই কয় যে কৰ সংগ্ৰহ সঠিকভাৱে যদি পৌৰ নিগমে কৰিব পৰা নাই তেন্তে সেই ব্যৱস্থাৰ সংস্কাৰ কৰা উচিত । কিন্তু তাৰ পৰিৱৰ্তে কৰ সংগ্ৰহৰ কামো যদি বহিঃৰাজ্যৰ ঠিকাদাৰক কৰিবলৈ দিয়া হয়, তেতিয়াহ'লে পৌৰ নিগমৰ কি থাকিব ।
পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবেই ইতিমধ্যে নিবিদাও আহ্বান কৰা হৈছে । বিধায়ক বৰাই কয় যে মন্ত্রী সিংঘাল ঢেকীয়াজুলিৰ বিধায়ক আৰু মন্ত্রী সিংঘালে গুৱাহাটী মহানগৰীৰ বিষয়ে নাজানে । তেওঁ লগতে কয় যে তেওঁ গুৱাহাটীৰ বিধায়ক হিচাপে পৌৰ নিগমৰো পদেন সদস্য । মন্ত্রী সিংঘাল ঢেকীয়াজুলি নগৰ সমিতিৰ পদেন সদস্য । সেই হিচাপে মন্ত্রী সিংঘালক ঢেকীয়াজুলি নগৰ সমিতিৰ সিদ্ধান্ত এটাৰ বিষয়ে নজনাব নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে গুৱাহাটীৰ বিধায়ক হিচাপে সেই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আমাক এতিয়ালৈ একো জনোৱা নাই ।
ইপিনে,এই সন্দৰ্ভত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্রী সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে । প্ৰাক্তন মন্ত্রী ভট্টাচাৰ্যই কয় যে একনায়কত্ববাদ হ'ব নালাগে । নির্বাচিত জনপ্রতিনিধিৰলগত কোনো আলোচনা নকৰাকৈ,কোনো পৰামৰ্শ নোলোৱাকৈ,কোনো চৰ্চা নকৰাকৈ লোৱা সিদ্ধান্ত আমাৰ বাবে গ্রহণযোগ্য নহয় বুলি তেওঁ কয় । গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহৰ বাবে এটা বিভাগ আছে। ইমানদিনে সেই বিভাগটোৰ কৰ আদি সংগ্ৰহত কোনো বেমেজালি হোৱা নাই ।
যদি কোৱা ধৰণে ৪০ শতাংশৰ কৰ আদায় নহয় তেন্তে সেই কৰ আদায়ৰ বাবে বিভাগক সক্ৰিয় কৰিবহে লাগে । কৰ-কাটল সংগ্ৰহৰ বাবে বাহিৰৰ মানুহ অনা কাৰ্যৰ তেওঁ অন্ততঃ ব্যক্তিগতভাৱে সমৰ্থন নকৰে বুলি সদৰি কৰে । তেনে কাৰ্যৰ তেওঁ দুৰ্ঘোৰ বিৰোধী। যদি কৰ-কাটল সংগ্ৰহত ব্যৰ্থ হৈছে তেন্তে মন্ত্ৰী সিংঘালে পদত্যাগ কৰক বুলি তেওঁ কয়। তথাপি বাহিৰৰ প্ৰতিষ্ঠানক কৰ-কাটল সংগ্ৰহৰ দায়িত্ব দিয়াটো তেওঁ নিবিচাৰে বুলি কয় ।