গুৱাহাটী, ১২ মাৰ্চ : ৰাজ্যসভাত খালী হ’বলগীয়া দুখন আসনৰ এখন এআইইউডিএফ-ৰ প্ৰাৰ্থীৰ বাবে কংগ্ৰেছে এৰি দিব লাগে বুলি আৰ্জি লৈ শনিবাৰে দিল্লীলৈ ৰাওনা হৈছে বদৰুদ্দিন আজমলৰ নেতৃত্বত এআইইউডিএফৰ তিনিজনীয়া এটা প্ৰতিনিধি দল ৷ আজমলৰ উপৰিও দিল্লীলৈ যাত্ৰা কৰা এই দলটোৰ আন দুগৰাকী প্ৰতিনিধি হ'ল এআইইউডিএফ-ৰ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম আৰু সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ।
শনিবাৰে পুৱা দিল্লী যাত্ৰাৰ পূৰ্বে বিধায়ক আমিনুল ইছলামে ইটিভি ভাৰতক কয়, "কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰি ৰাজ্যসভাৰ এখন আসন আমাৰ প্ৰাৰ্থীৰ বাবে এৰি দিবলৈ আৰু এইক্ষেত্ৰত কংগ্ৰেছে আমাৰ প্ৰাৰ্থীগৰাকীক যাতে সমৰ্থন জনাই তাৰ বাবে অনুৰোধ জনাম ।
ছোনিয়া গান্ধী, ৰাহুল গান্ধী, ড৹ কে চি বেণুগোপাল সমন্বিতে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দক আমি সাক্ষাৎ কৰিম । ইতিমধ্যে আমাৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত হৈছে যে, ৰাজ্যসভাৰ বিগত আটাইকেইটা নিৰ্বাচনতে যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীক আমি সমৰ্থন জনাই আহিছো ৷ গতিকে এইবাৰ এইখন আসন কংগ্ৰেছে আমাৰ বাবে এৰি দিয়ক’’ ।
উল্লেখ্য যে, সম্প্ৰতি ধুবুৰীত বাহৰ পাতি থকা সমষ্টিটোৰ সাংসদ এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমল হঠাতে শুকুৰবাৰে অসুস্থ হৈ পৰিছিল যদিও বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়ে আমিনুল ইছলামে । ইপিনে, দলটোৱে ৰাজ্যসভাৰ আসনখনক লৈ এইধৰণৰ কুচকাৱাজত ব্যস্ত থাকিলেও মূৰকত কংগ্ৰেছে যে আসনখন দলটোক এৰি দিব তেনে সম্ভাৱনা খুবেই কম । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল দুখন আসনৰ ভিতৰত এখনৰ প্ৰাৰ্থী কংগ্ৰেছৰেই হওক বা এআইইউডিএফৰে হওক, বিজয়ৰ পথ ইমান মসৃণ হৈ থকা নাই ।
ৰাজ্যসভালৈ এজন প্ৰাৰ্থী জয়ী কৰি পঠিয়াব পৰাকৈ বিৰোধীৰ হাতত পৰ্যাপ্ত বিধায়ক আছে যদিও ইতিমধ্যেই বিৰোধীৰ সেই গণিতত আউল লাগিছে । দেখাত কংগ্ৰেছ, এআইইউডিএফ, চিপিএম আৰু নিৰ্দলীয় (ৰাইজৰ দল) বিধায়কৰ সংখ্যা এজন প্ৰাৰ্থীক জয়ী কৰি পঠিয়াব পৰাকৈ পৰ্যাপ্ত । কিয়নো ৰাজ্যসভালৈ বিৰোধীৰ প্ৰাৰ্থীজন জয়ী হৈ যাবলৈ প্ৰয়োজন হ’ব ৪২ টা ভোটৰ ।
আপাত দৃষ্টিত ৪২ গৰাকী বিধায়ক বিৰোধীৰ আছে । কিন্তু কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসে কোনো কাৰণতে ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীগৰাকীৰ পক্ষত ভোট দিয়াৰ সম্ভাৱনা নাই । ফলত পৰ্যাপ্ত বিধায়ক থাকিও এতিয়া অনিশ্চয়তাত সময় পাৰ কৰিবলগীয়া হৈছে বিৰোধীয়ে ।
লগতে পঢ়ক :Assam Rajya Sabha Polls : আজমলসহ তিনি নেতা ওলাইছে ছোনিয়াৰ কাষলৈ