গুৱাহাটী, 17 আগষ্ট :ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰী অঞ্চলত বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনিজন যুৱক আটক কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী ।
ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষী আয়ুক্তৰ মধ্য জিলাৰ SOG দল আৰু সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে যুটীয়া অভিযান চলাই পাঞ্জাবাৰী কৈলাশ নগৰ অঞ্চলৰ পৰা তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷
আটক হোৱা সৰবৰাহকাৰী কেইটা ক্ৰমে চানু সোনাৰ(৩১),ৰবি আলি(২৩) আৰু কৰণ বসুমতাৰী(২৬) বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা প্ৰায় ৩ গ্ৰাম ড্ৰাগছ ভৰ্তি ৭ টা কনটেইনাৰ, ২ টা খালি কনটেইনাৰ, কেইবাটাও চিৰিঞ্জ, চপ বক্স আদি আৰক্ষীয়ে জব্দ কৰে ।
উল্লেখ্য যে, আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কাৰ্যত জড়িত হৈ আছিল চানু সোনাৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো । চনুক এই কাৰ্যত আন দুটা সৰবৰাহকাৰীয়ে সহায় কৰি অহাৰ কথা জানিব পৰা গৈছে । ধৃত চানু সোনাৰ, ৰবি আলিৰ ঘৰ পাঞ্জাবাৰীৰ কৈলাশ নগৰত আনহাতে, কৰণ বসুমতাৰী সাতগাঁও সূৰ্য নগৰৰ । সম্প্ৰতি, সাতগাঁও থানাত ২০৫/২১নম্বৰত এক গোচৰ ৰজু কৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ কৰি আছে ৷
লগতে পঢ়ক :সপোন বিয়াৰ : প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক