গুৱাহাটী,২ ছেপ্তেম্বৰ :গুৱাহাটীৰ মাজমজিয়াৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটো উত্তপ্ত হৈ আছে । বৃহস্পতিবাৰে স্থানীয় ৰাইজে ঘটনাৰ ন্যায় বিচাৰি আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত উজানবজাৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে লতাশিল থানাত বিক্ষোভ প্ৰদৰ্শন কৰে । থানা ঘেৰাও কাৰ্যসূচীৰে স্থানীয় পুৰুষ-মহিলাসকলে থানা চৌহদ উত্তাল কৰি তোলে । শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
ইফালে ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে লতাশিল আৰক্ষীয়ে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে । অৱশ্যে এতিয়ালৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আটক কৰা কেইজন হৈছে ক্ৰমে মৃত কিশোৰীগৰাকীৰ জেঠায়েকৰ পুত্ৰ আশিষ গুপ্তা, তেওঁৰ বন্ধু জিতু শৰ্মা আৰু কৰণ ।
উল্লেখ্য যে মহানগৰীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হয় এটা লোমহৰ্ষক হত্যাকাণ্ড । দিনৰ ১০ মান বজাৰ পাছত পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছে । ৰেষ্টুৰেন্টৰ কামৰ বাবে পিতৃ-মাতৃ পুৱাতেই ঘৰৰ পৰা ওলাই গৈছিল আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে ঘৰত আছিল ডিম্পল কুমাৱট নামৰ ১৩ বছৰীয়া কিশোৰীগৰাকী । কিন্তু সম্পৰ্কীয় ভাতৃজন চাহ খাবৰ বাবে দোকানৰ পৰা বিস্কুট আনিবলৈ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে ডিম্পলক নৃশংসভাৱে হত্যা কৰে ।
দিনৰ প্ৰায় ১১.৩০ মান বজাত বিচনাত তেজৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটোৰ পিঠি, ডিঙি আৰু মূৰত আঘাতৰ চিন আছিল । পটাগুটি আৰু প্ৰেচাৰ কুকাৰত তেজৰ দাগ লাগি আছিল । প্ৰেচাৰ কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই কিশোৰীগৰাকীক হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে ।