গুৱাহাটী, 5 ছেপ্টেম্বৰ:জিৰচং থিয়েটাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত তিনিদিনীয়া স্বয়ম নাট সমাৰোহৰ আয়োজন । শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই নাট সমাৰোহ । প্ৰতিদিনে একোখনকৈ নাট অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ নাটকৰ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ।
স্বয়ম নাট সমাৰোহ পৰিৱেশন কৰা হ’ব তিনিগৰাকী নাট্যকাৰাৰ তিনিখন নাটকেৰে । নাটক তিনিখন ক্ৰমে নাট্যকাৰ অৰুণ শৰ্মাদেৱ নাটক ‘আহাৰ’, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘স্ত্ৰীৰ পত্ৰ’ নামৰ গল্পটো আধাৰত লিখা নাট ‘ইতি মৃণালীনি’ আৰু ‘এন্তিগনে মেনিয়া’। গ্ৰীক নাটক অন্তিগনিৰ এটা সংলাপ । সম্পূৰ্ণ অসমৰ পেক্ষাপটত নাটকখন অনুসৃষ্টি কৰা হৈছে।
মূলতঃ তিনিওখন নাটকৰ মূল বিষয়বস্তু হৈছে নাৰী । মহিলা চৰিত্ৰক কেন্দ্ৰ কৰি লিখা হৈছে নাটক তিনিখন । নাটক তিনিখন পৰিচালনা কৰিছে ৰবিজিতা গগৈয়ে । উল্লেখ্য যে, জিৰচং থিয়েটাৰৰ এইবাৰ ভৰি দিলে ২৮ বৰ্ষত । আনহাতে জিৰচং থিয়েটাৰৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে স্বয়ম মহিলা পৰিচালক নাট্য মহোৎসৱ আৰু আলোচনা চক্ৰ।