অসম

assam

ETV Bharat / state

Congress MLA resignation : প্ৰদেশ কংগ্ৰেছত তিনি বিধায়কৰ বিদ্ৰোহ ! দলীয় বিষয়-বাৱৰ পৰা পদত্যাগ - Congress MLAs sent resignation letters

অসম কংগ্ৰেছত পুনৰ বিসম্বাদ আৰম্ভ হৈছে । দলীয় সিদ্ধান্তক লৈ অসন্তুষ্ট হৈছে তিনিগৰাকী বিধায়ক । কমলাক্ষ দে' পুৰকায়স্থ, কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ আৰু বৰখলাৰ মিছবাহাউল লস্কৰে ইতিমধ্যে এপিচিচিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে (Congress MLAs sent resignation letters)। অৱশ্যে তেওঁলোকৰ পদত্যাগ পত্ৰত অনুমোদন জনোৱা নাই ।

congress
তিনি বিদ্ৰোহী বিধায়কৰ পদত্যাগ

By

Published : Apr 8, 2023, 7:32 PM IST

গুৱাহাটী, ৮ এপ্ৰিল : মুখ্যমন্ত্ৰীৰ গুপ্তচৰ কংগ্ৰেছী বিধায়ক বিতৰ্কৰ পাছত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছক জোকাৰিছে তিনিজনকৈ বিধায়কৰ বিদ্ৰোহে (Dissent in Assam Congress)৷ তিনিওগৰাকী বিদ্ৰোহী বিধায়ক হ'ল বৰাকৰ ৷ দলীয় বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি একত্ৰিতভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তিনিও গৰাকী বিধায়কে ৷

বিধায়ক তিনিগৰাকী হ'ল কমলাক্ষ দে' পুৰকায়স্থ, কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ আৰু বৰখলাৰ মিছবাহাউল লস্কৰ ৷ ইয়াৰে কমলাক্ষ দে' পুৰকায়স্থই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে ৷ শিলচৰ দলীয় জিলাৰ নতুন সভাপতি নিযুক্তিক কেন্দ্ৰ কৰি এই বিদ্ৰোহৰ সূচনা ঘটিছে ৷

শেহতীয়াকৈ এপিচিচিৰ সভাপতি ভূপেন বৰাই শিলচৰ জিলা (দলীয় জিলা)ৰ পূৰ্বৰ সভাপতি তমাল বণিক্যক আঁতৰাই অভিজিৎ পালক নতুন সভাপতি ৰূপে নিযুক্তি দিছিল ৷ ইয়াকে লৈ অসন্তুষ্ট তিনিওগৰাকী বিধায়ক ৷ ইতিমধ্যে এপিচিচিৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কমলাক্ষ দে' পুৰকায়স্থ, কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ আৰু বৰখলাৰ মিছবাহাউল ইছলাম লস্কৰে (Congress MLAs sent resignation to APCC)৷

তথ্য অনুসৰি জিলা সভাপতি নিয়োগক লৈ অসন্তুষ্ট বিধায়ক তিনিজনৰ সৈতে এবাৰো আলোচনা কৰা নাছিল সভাপতি ভূপেন বৰাই ৷ আনকি কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকিও সভাপতি সলনিৰ কথাৰ কোনো খবৰ পোৱা নাছিল কমলাক্ষ দে' পুৰকায়স্থই ৷ সেয়ে এই কথাত অসন্তুষ্ট হৈ দলীয় পদবীৰ পৰা অব্যাহতি বিচাৰি তিনিওগৰাকী বিধায়কে এপিচিচিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে যদিও এপিচিচিয়ে এই পদত্যাগ পত্ৰত অনুমোদন জনোৱা নাই ।

এই প্ৰসংগত এপিচিচিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "আমাৰ এক অসন্তুষ্টি আছে ৷ এই অসন্তুষ্টি দলীয় নেতৃত্বৰ সন্মুখত দাঙি ধৰা হৈছে ৷ এতিয়া দলৰ সংকটৰ সময় ৷ এনে সংকটৰ সময়ত দলৰ ক্ষতি হোৱা কাম নকৰো ৷ আমাৰ ক্ষোভ দলীয় নেতৃত্বক জনাইছো ৷ কথা বতৰাত আমি আশ্বস্ত হৈছো ৷"

নিজৰ পদত্যাগ পত্ৰ উঠাই ল'ব নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক কমলাক্ষই ক'লে, "যিহেতু এতিয়ালৈ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই ৷ সেয়ে উঠাই লোৱাৰ কথা নাহে ৷ এয়া দলৰ আভ্যন্তৰীণ বিষয় ৷ ইচ্ছ্যু থাকিলে মৌন নাথাকি দলীয় মঞ্চত কোৱাটো কৰ্তব্য ৷ মৃত্যুলৈকে কংগ্ৰেছ দলত থাকি সেৱা আগবঢ়াই যাম ৷ বিষয়টো দলীয় নেতৃত্বই গুৰুত্ব সহকাৰে লৈছে ৷"

লগতে পঢ়ক :Jhan Jhan Jhan: গুঃ বিঃৰ লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাসৰ অনন্য প্ৰয়াস ঝন্ ঝন্ ঝন্ ৰ শুভমুক্তি

ABOUT THE AUTHOR

...view details