গুৱাহাটী, 20 এপ্ৰিল :অসমীয়াত এষাৰ কথা আছে লোভেই পাপ, পাপেই মৃত্যু । সেই কথাই যেন প্ৰমাণিত কৰি হৰিণাৰ মাংসৰ লোভত পৰি বন বিভাগৰ জালত তিনিজন শ্ৰমিক (Three arrested for killing deer in Guwahati)। মহানগৰীৰ মঠঘৰীয়া অঞ্চলত সংঘটিত হয় এই ঘটনা । বুধবাৰে পুৱা 6 বজাত মঠঘৰীয়াৰ নিৰ্মীয়মান এটা অট্টালিকাত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । হৰিণা বধ কৰি বন বিভাগৰ জালত পৰা শ্ৰমিক কেইটা হৈছে মহম্মদ চাহিল, আৰমান প্ৰামাণিক আৰু শ্যাম চন্দ্ৰ ৰায় ।
জানিব পৰা মতে, ধৃত লোক কেইজনে মঠঘৰীয়া অঞ্চলত বিচৰণ কৰি থকা এটা হৰিণা বধ কৰি মাংস বিক্ৰীৰ বাবে সাজু কৰিছিল । ইয়াৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত বন বিভাগে কৰায়ত্ত কৰে লোক কেইজনক । ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত আন 6 জন শ্ৰমিকক সোধ পোচৰ বাবে আটক কৰিছে বন বিভাগে । ইপিনে বন বিভাগে ধৃত শ্ৰমিক কেইজনৰ কৱলৰ পৰা মৃত হৰিণাটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে ।