গুৱাহাটী, 21 নৱেম্বৰ : সোমবাৰে মুকলি কৰা হ’ল সমগ্ৰ শিক্ষা, অসমৰ তিনিটা এপ্লিকেশ্যন (SSA Assam Application)৷ গুৱাহাটীৰ সৰ্বশিক্ষা মিছনৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত উক্ত এপ্লিকেশ্যন তিনিটা মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
সোমবাৰে মুকলি কৰা এপ্লিকেশ্যন তিনিটা হ'ল - Teacher performance apprasial app, School inspection app আৰু School infrastructure survey app. এপ্লিকেশ্যন মুকলিৰ পাছতে শিক্ষামন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, এই তিনিটা এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয়সমূহৰ আন্তঃগাথঁনিৰ পুনৰীক্ষণৰ লগতে পৰ্যালোচনা কৰা হ'ব । বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো ডাটাবেছ মেনেজমেন্ট হিচাবে গঢ়ি তোলা হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
উল্লেখ্য যে, সোমবাৰে মুকলি কৰা এপ্লিকেশ্যন তিনিটাৰ জৰিয়তে বিদ্যালয়সমূহ পৰিদৰ্শন কৰাৰ বাবে মন্ত্ৰী, শিক্ষা বিষয়া তথা বিদ্যালয়ৰ শিক্ষকসকলক সংযুক্ত কৰা হ’ব । এই এপ্লিকেশ্যনৰ জৰিয়তে বিদ্যালয় একোখনৰ সকলো দিশৰ তথ্য চাব পাৰিব । ইয়াৰ লগতে মন্তব্যও প্ৰকাশ কৰিব পাৰিব ।
সমগ্ৰ শিক্ষা, অসমৰ তিনিটা এপ্লিকেশ্যন মুকলি ৰণোজ পেগুৰ উক্ত এপ্লিকেশ্যন তিনিটাৰ জৰিয়তে শিক্ষকৰ বাৰ্ষিক কৰ্মদক্ষতাৰ মূল্যায়ণ (Teacher Performance Appraisal), বিদ্যালয় নিৰীক্ষণ (School Inspection) কৰাৰ লগতে এপসমূহত শিক্ষানুষ্ঠান, শিক্ষক-শিক্ষয়িত্ৰী আৰু শৈক্ষিক পৰিৱেশ সম্পৰ্কীয় যাৱতীয় তথ্য সন্নিৱিষ্ট কৰা হ’ব ।
উক্ত তথ্যৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা পৰা যাব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education minister Ranoj Pegu)। আনহাতে এপ্লিকেশ্যনত সন্নিৱিষ্ট তথ্য অনুসৰি কোনো বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰত অনিয়ম পালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও । বিশেষকৈ অস্থায়ী শিক্ষকৰ ক্ষেত্ৰত এই এপ্লিকেশ্যনৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সকিয়নী প্ৰদান কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিক্ষা বিভাগে বিদ্যা সমীক্ষা কেন্দ্ৰৰ পৰিকল্পনাৰ অংশ হিচাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । লগতে তেওঁ জনায় যে সমগ্ৰ শিক্ষা, অসমৰ অধীনত চৰকাৰী বিদ্যালয়সমূহত মুঠ ৩৫,৩১৮ গৰাকী শিক্ষক কৰ্মৰত হৈ আছে । ইয়াৰে ২৬,০৬৪ গৰাকী অস্থায়ী (Tet contractual teacher) আৰু ৯,২৫৪ গৰাকী স্থায়ী শিক্ষক ( State pool teacher) আছে ।
লগতে পঢ়ক :Foundation Day of SGSA: জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন