গুৱাহাটী,২২ জুনঃ প্ৰথম দিনাই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল অসম চৰকাৰ। সোমবাৰৰ পৰা আৰম্ভ হোৱা ক'ভিডৰ বিশাল টীকাকৰণ কাৰ্যসূচীৰ যোগেদি এটা দিনতে ৰাজ্যখনৰ ৩,৫৪,৬১০ গৰাকী লোকক টীকাকৰণ কৰা হয় । লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল তিনি লাখ লোকক টীকাকৰণ কৰাৰ আৰু প্ৰথম দিনাই লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ'ল ৰাজ্য চৰকাৰ । ৰাজ্যত নিশালৈ ক'ভিড প্ৰতিষেধক অভিযানলৈ ৰাইজে ব্যাপক সঁহাৰি জনায় ৷
ৰাজ্যজুৰি ২,৩৯৫ টা কেন্দ্ৰৰ যোগেদি টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । এতিয়ালৈকে ৰাজ্যৰ ৫৭,০৮,৩৭৯ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, অসমক ক'ভিডমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সোমবাৰৰ পৰা আৰম্ভ কৰা ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানলৈ ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে । এই অভিযানৰ প্ৰথম দিনাই এনে ব্যাপক সঁহাৰিৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়- "১৮ বছৰৰ উৰ্ধৰ সকলোকে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰি অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণ আৰু তদাৰকত ৰাজ্য চৰকাৰে ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান আৰম্ভ কৰিছে । অসমক ক'ভিডমুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰত্যেক জিলা প্ৰশাসনৰ সহযোগত দৈনিক ৩ লাখ গৰাকীকৈ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে এই মহা অভিযান আৰম্ভ কৰি প্ৰথম দিনাই নিৰ্ধাৰিত লক্ষ্য সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ।"
মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ব্যাপক হাৰত প্ৰতিষেধক গ্ৰহণৰ বাবে ৰাইজ আগবাঢ়ি অহা কাৰ্যই অসমক ক'ভিডমুক্ত কৰাৰ দিশত অসমবাসীৰ সংকল্পবদ্ধতাকে প্ৰতীয়মান কৰিছে। পৰৱৰ্তী দিনসমূহতো ৰাইজৰ এনে সঁহাৰিয়ে অতি সোনকালেই আমাক ঈপ্সিৎ লক্ষ্যত উপনীত কৰাত সহায় কৰিব। ৰাজ্যবাসীক ক'ভিড প্ৰতিষেধক অভিযানলৈ এই আশাপ্ৰদ সহযোগিতাৰ বাবে আমি ধন্যবাদ জনাইছো ।"