গুৱাহাটী, 18 জুলাইঃঅসমক এখন কৃষি প্ৰধান দেশ যে তাত হয়তো কাৰো দ্বিমত থাকিব নোৱাৰে ৷ কিন্তু সমান্তাৰালভাৱে অসম এখন নদীমাতৃক দেশ বুলিও ক'ব পাৰি ৷ কাৰণ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন নৈ উপনৈয়ে পলসুৱা কৰিছে অসমৰ পৃষ্ঠভূমি ৷ অসমৰ প্ৰতিখন জিলাতে পোৱা যায় বিভিন্ন নৈ উপনৈৰ শাখা কিম্বা উপস্থিতি ৷ এই সকলো প্ৰকৃতিৰ দান, কিন্তু কেতিয়াবা প্ৰকৃতি ৰূষ্ট হ'লে অসমৰ কিছু কিছু জিলাত খেতিয়ক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাৰিষাৰ বানে যেনেকৈ এফালৰ পৰা সকলো ধাহি মুহি লৈ যায় তাৰ বিপৰীতে অসমৰে কেইখন মান জিলাত শস্য পথাৰত পানীৰ অভাৱে খৰাং পৰিস্থিতিৰ সৃষ্টি কৰে ৷ শুকান পথাৰৰ ছবি আগত লৈ হুমুনিয়াহ কাঢ়িব লগা হয় কৃষক ৰাইজে ৷ এফালে যদি বানপানীৰ বিভীষিকা আনফালে খৰাং পৰিস্থিতি ৷ কিন্তু তাৰ মাজতো অসমৰ কৃষকে চেষ্টা এৰি দিয়া নাই৷ খৰাং পৰিস্থিতিৰে মোকাবিলা কৰাৰ পন্থা বহু বছৰ পূৰ্বেই আয়ত্ব কৰিছিল অসমৰ কৃষকে ৷ কিন্তু কেনেকৈ ?
থলুৱা কৃষকৰ পৰম্পৰাগত জল সংৰক্ষণ ব্যৱস্থা |
খেতি পথাৰত জলসিঞ্চন ব্যৱস্থা আজিৰ কথা নহয় ৷ যি এক শ শ বছৰ চলি অহা কৃষক ৰাইজৰ নিজা ববীয়া এক অনুশীলন ৷ খেতি পথাৰত পানীৰ নাটনি, খৰাং পৰস্থিতিৰে মোকাবিলা কৰিবলৈ বহু বছৰ পূৰ্বেই পৃথিৱীৰ বিভিন্ন দেশত আৰম্ভ হৈছিল কেতবোৰ পৰম্পৰাগত প্ৰথা বা ব্যৱস্থা ৷ যি ব্যৱস্থাৰ জৰীয়তে কৃষকসকলে খেতি পথাৰত পানীৰ যোগান নিশ্চিত কৰিছিল ৷ বিজ্ঞান সন্মত ব্যৱস্থা নহ'লেও পৰম্পৰাগত পদ্ধতিৰে খেতিয়ক সকলে কৰা এই প্ৰচেষ্টা যথেষ্ট ফলপ্ৰসূ আছিল বা আজিও বৰ্তি আছে কোনো কোনো ঠাইত ৷ আমি যদি লক্ষ্য কৰো তেনেহ'লে পানী সংৰক্ষণৰ ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পাহাৰৰ মাজেৰে বৈ অহা সৰু বৰ নিজৰা সমূহৰ পানী, বিভিন্ন নৈ উপনৈ সমূহৰ পানী প্ৰাকৃতিক উপায়েৰে খৰাংপীড়িত অঞ্চলৰ লোকসকলে পৰম্পৰাগত বিশেষ পদ্ধতিৰে সংৰক্ষণ কৰি আহিছে কেবাশ বছৰৰ পৰা ৷ পাহাৰৰ পৰা নামি অহা জলৰাশিক বিশেষ নলাৰে খৰাংপীড়িত বা পানীৰ সমস্যা থকা অঞ্চলৰ ৰাইজে নলা খান্দি বোৱাই নি তাক সংৰক্ষণ কৰাৰ লগতে দৈনন্দিন কাম কাজ আৰু খেতি পথাৰত ব্যৱহাৰ কৰি আহিছে ৷ এই কথা সৰ্বজনবিদিত যে,ভাৰতৰো বহু ৰাজ্যত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ওপৰিও নৈ উপনৈৰ জলাধাৰাক বিশেষ পদ্ধতিৰে বোৱাই নি সংৰক্ষণ কৰি আহিছে ৷ পৰৱৰ্তী সময়ত সেই পানী বিভিন্ন কামত ব্যৱহাৰো কৰিছে ৷
অসমতো চলি আহিছে জল সংৰক্ষণৰ এক পৰম্পৰা |
উত্তৰ অসমৰ ভূটান সীমান্তৰ জিলা সমূহতো চলি আহিছে পৰম্পৰাগত পানী সংৰক্ষণ প্ৰক্ৰিয়া ৷ আজিৰে পৰা কেইবছৰ মানৰ আগলৈকে বানপানীৰ নাম গোন্ধেই নথকা উত্তৰ অসমৰ ভূটান সীমান্তৰ জিলা সমূহত এতিয়া কেৱল বানৰ ত্ৰাস। এই অঞ্চলটো পূৰ্বে জনাজাত আছিল খৰাংপীড়িত অঞ্চল হিচাপে । আৰু তাকে লৈ আজিৰে পৰা প্ৰায় ডেৰশ বছৰ আগতেই ইয়াৰ কৃষিজীৱি ৰাইজে গঢ়ি তুলিছিল জনতাৰ দ্বাৰা এক জলব্যৱস্থাপনা । ডং বান্ধ কমিটি বুলি জনাজাত আৰু সেই কমিটিৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত এই ব্যৱস্থাপনাই নিত্য ব্যৱহাৰ্য আৰু কৃষি ভূমি,উভয়ৰে পানীৰ প্ৰয়োজন পূৰণ কৰিব পাৰিছিল । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানী আৰু স্থানীয় নদীৰ সমূহৰ জলৰাশিক বিশেষ পদ্ধতিৰে নিজৰ খেতি পথাৰলৈ আনি জলব্যৱস্থাপনা কৰিছিল স্থানীয় ৰাইজে ৷ পাহাৰৰ পাদ দেশৰ পৰা নামি অহা পানী নলা বা ডং খান্দি কৃষক ৰাইজে পথাৰত পানীৰ যোগান ধৰে ৷ এই পৰম্পৰা বহু দিনৰ পৰাই চলি আহিছে ৷ চৰকাৰৰ জলসিঞ্চন বিভাগেও ঢুকি নোপোৱা থলুৱা কৃষকৰ এই জল ব্যৱস্থাপনা সঁচাকৈয়ে অনন্য ৷
ডং বান্ধ সমিতি সমূহ কেনেদৰে পৰিচালিত হয় ? |