গুৱাহাটী, 21 মে': বিগত কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত এক ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হৈছে । নেৰানেপেৰা বৰষুণে বিপদ মাতিছে মহানগৰবাসীলৈ । গুৱাহাটী মহানগৰীত এফালে কৃত্ৰিম বানৰ (Artificial flood in Assam) বিভীষিকা আৰু আনফালে ভূমিস্খলনৰ আতংক । বিগত কেইদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন ঠাইত পাহাৰ সমূহৰ মাটি আৰু শিল বাগৰি অহাত মহানগৰবাসীলৈ বিপদ কঢ়িয়াই আনিছে ।
যিকোনো মুহূৰ্তত পাহাৰীয়া অঞ্চলত অঘটন ঘটাৰ আশংকা কৰা হৈছে । ইফালে ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে আপদকালীন সেৱাৰ বাবে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰ । ভূমিস্খলনৰ আশংকা কৰা স্পৰ্শকাতৰ অঞ্চলৰ লোকে যিকোনো সহায়ৰ বাবে ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪-৭১০৭১ নম্বৰ যোগে জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । উল্লেখ্য যে মহানগৰীৰ খাৰঘুলিৰ হিড়িম্বাপুৰ, কৈলাসপুৰ, শিলপুখুৰীৰ নৱগ্ৰহ মন্দিৰ, গীতামন্দিৰৰ ভগদত্ত পথ, ধীৰেনপাৰাৰ ৰত্নগিৰি পথ, নুনমাটিৰ নেপালী চ’ক আৰু পাণ্ডুৰ হিলট'পৰ উপৰি কেইবাটাও স্থানত যিকোনো মুহূৰ্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ।
ইতিমধ্যে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে প্ৰতিখন জিলা উপায়ুক্তক ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা লোকসকলক স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ পিছতে জিলা উপায়ুক্তসকলে ভূমিস্খলনপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে । উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই কৃত্ৰিম বানপানীকে ধৰি ভূমিস্খলন আদি সমস্যা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ।
গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা ১৭খন পাহাৰত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলন । ২০২০ চনৰ ২৮ জুনত খাৰঘুলিত পাহাৰ খহি প্ৰিয়ংকা বড়ো নামৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কাহিলিপাৰাত সংঘটিত ভূমিস্খলনত পাহাৰৰ শিল খহি এগৰাকী মহিলাৰ মৃত্যু হৈছিল । বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ।