গুৱাহাটী, ৬ অক্টোবৰ :দুবাৰকৈ থাওৰা সমষ্টিৰ পৰা বিধায়ক হিচাপে জিকি অহা কুশল দুৱৰীয়ে আগন্তুক উপ-নিৰ্বাচনত বিজেপিক বিপদত পেলাব নেকি ? এই প্ৰশ্নৰ আশ্বস্ত হ’ব পৰাকৈ এক উত্তৰ এতিয়াও পোৱা নাই গেৰুৱা দলটোৱে । এক কথাত কবলৈ গ’লে থাওৰাৰ উপ-নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও এশ শতাংশ বিজয়ৰ নিশ্চিতি লাভ কৰা নাই ।
মৰিয়নীৰ ক্ষেত্ৰত বিজেপি যিদৰে এশ শতাংশ নিশ্চিত, অনুৰূপ অৱস্থা কিন্তু থাওৰাৰ ক্ষেত্ৰত হোৱা নাই । বিজেপিৰ আশংকা বিৰোধীৰ পৰা হোৱা নাই । হৈছে নিজৰ দলৰ ভিতৰৰ পৰাই । যদিওবা দলটোৰ নেতা তথা দুবাৰৰ বিধায়ক কুশল দুৱৰীয়ে মুকলিকৈ সুশান্ত বৰগোহাঁইৰ প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ বিষোদগাৰ প্ৰকাশ কৰা নাই ৷ কিন্তু ভোটৰ অংকত প্ৰাক্তন বিধায়ক গৰাকীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।
ইয়াকে লৈ সম্পূৰ্ণকৈ এতিয়াও আশংকামুক্ত হ’ব পৰা নাই বিজেপি । ফলত যিকোনো উপায়েৰে নহওক কিয় কুশল দুৱৰীক সন্তুষ্ট কৰি ৰাখিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে ।