অসম

assam

Tutors Protest at Guwahati: গুৱাহাটীৰ চচলত টিউটৰৰ প্ৰতাৰণা দিৱস

By

Published : Feb 5, 2023, 10:13 PM IST

চচলত সদৌ অসম টিউটৰ সন্থাৰ প্ৰতাৰণা দিৱস । ন্যায্য প্ৰাপ্তিৰ দাবীত চচলৰ প্ৰতিবাদস্থলীত বহিল ৫ শতাধিক টিউটৰ । সমাগত বিধানসভা অধিবেশনত তেওঁলোকৰ পদ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা নকৰিলে ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰতিবাদী শিক্ষকৰ(Thousands of tutors Stage Protest at Guwahati) ৷

Tutors Protest at Guwahati
মহানগৰীৰ চচলত টিউটৰৰ প্ৰতাৰণা দিৱস

মহানগৰীৰ চচলত টিউটৰৰ প্ৰতাৰণা দিৱস

গুৱাহাটী,৫ ফেব্ৰুৱাৰী:প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে ভেন্সাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই কম মজুৰিৰ বিনিময়ত নিয়োজিত কৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি শনিবাৰে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সন্থাই মহানগৰীৰ চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে প্ৰতাৰণা দিৱস পালন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৫ শতাধিক শিক্ষকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, শিক্ষকক টিউটৰ সজোৱা নচলিব, শিক্ষকক প্ৰাদেশিকীকৰণৰ নামত প্ৰতাৰণা কৰা বন্ধ কৰক, আমাক সম-কৰ্মৰ সম-মৰ্যদা প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে চচলৰ পৰিবেশ উত্তাল কৰি তোলে(Thousands of tutors Stage Protest at Guwahati) ।

এই প্ৰতিবাদী কাৰ্যসূচীত(Tutors Protest at Guwahati) অংশগ্ৰহণ কৰি সন্থাৰ মুখ্য সম্পাদক ভূৱন শৰ্মা আৰু সম্পাদক টাৰু প্ৰসাদ শৰ্মাই কয় যে, প্ৰাদেশিকীকৰণৰ নামত ভেন্সাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক ৩৬০ টকা দি চৰকাৰে শিক্ষকসকলক চৰম প্ৰতাৰণা কৰিছে । ২০১১ চনৰ ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত পদ প্ৰাদেশিকীকৰণ নামত প্রদান কৰা হুকুম পত্ৰবোৰ আচলতে চৰকাৰৰ প্ৰতাৰণা পত্ৰসদৃশ । অসমত পৰম্পৰাগতভাৱে চলি অহা প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াবোৰৰ পৰিপন্থী ।

তেওঁলোকে লগতে কয় যে, শিক্ষানুষ্ঠানসমূহক চৰকাৰী নকৰি, কেবল পদসমূহহে প্ৰাদেশিকীকৃত কৰাৰ অন্তৰালত যে আচলতে শৈক্ষিক দিশ বা মানৱীয় দিশ লেশমাত্রাও নাছিল, যোৱা দুটা বছৰত সেয়া প্ৰতিপন্ন হৈছে । যদি শৈক্ষিক দিশৰ উন্নয়নৰ হকে চিন্তা থাকিলেহেতেন তেন্তে শিক্ষানুষ্ঠানো প্ৰাদেশিকীকৃত কৰালেহেতেন আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীকো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত নকৰিলেহেঁতেন । এই শিক্ষানুষ্ঠানক গুণোৎসৱৰ পৰাও বঞ্চিত ৰখা হৈছে বুলিও তেওঁলোকে উল্লেখ কৰে । ইয়াৰ উপৰি অন্য সকলো চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ দৰে ভেন্সাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সম-বিকাশ আৰু সম-সুবিধাৰ ব্যৱস্থা কৰিলেহেঁতেন বুলি তেওঁলোকে কয় ।

তেওঁলোকে আৰু কয় যে, তেতিয়াৰ তদানীন্তন শিক্ষামন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Education minister Himanta Biswa Sarma) কৈছিল, শিক্ষানুষ্ঠানসমূহ উঠি যাব, টিউটৰসকলে অন্য স্কুলত(Base School) যোগদান কৰিব লাগিব । যাৰ ফলত সেই হুকুম পত্ৰ পোৱাৰ পিচতে অসমৰ বহু শিক্ষানুষ্ঠান ধ্বংস হৈ গৈছিল । এইক্ষেত্ৰত নামনিতকৈ উজনি অসমত যথেষ্ট সংখ্যক স্কুল বিলীন হৈ গৈছে । হিন্দী শিক্ষকক বঞ্চিত কৰা হৈছে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পৰা । সেইগৰাকী শিক্ষামন্ত্ৰীয়ে কৈছিল গোটেই প্রাদেশিকীকৰণটো মানৱীয় দিশেৰে বিবেচনা কৰি কৰা হৈছে । আজি ২০/২৫ বছৰে বিনা পাৰিশ্ৰমিকত পাঠদান কৰি জীৱন-যৌৱন উচৰ্গা কৰি শিক্ষকতা কৰা শিক্ষক এগৰাকী, হিন্দী বিষয়ৰ শিক্ষক হোৱা বাবেই বঞ্চিত কৰা হৈছে । এয়া কেনেধৰণৰ মানৱীয়তা বুলি প্ৰশ্ন কৰে সন্থাৰ নেতৃবৃন্দই ।

তেওঁলোকে লগতে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত তদানীন্তন শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অৱসৰৰ সময়ত টিউটৰ হৈও ১০ লাখ টকাৰ গ্ৰেচ্যুইটী পোৱাৰ কথাটোও এক প্ৰহসনস্বৰূপেহে প্ৰমাণিত হৈছে বুলি ব্যক্ত কৰে । তাৰ পৰৱৰ্তী কালত, যোৱা দুবছৰে বহু টিউটৰে অৱসৰ গ্ৰহণ কৰি সুদা হাতে শিক্ষকতা জীৱন সামৰিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিয়ে সন্থাৰ মুখ্য সম্পাদক ভূৱন শৰ্মা আৰু সম্পাদক টাৰু প্ৰসাদ শৰ্মাই । তেওঁলোকে সমাগত অসম বিধাসভাৰ অধিবেশনত অসমৰ প্ৰাথমিক স্তৰৰ ৯৫০০ গৰাকী টিউটৰৰ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰবৰ্তী সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ।

লগতে পঢ়ক:Protest at Tinsukia : তিনিচুকীয়াৰ জলন্ত সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details