অসম

assam

By

Published : May 13, 2023, 9:52 PM IST

ETV Bharat / state

Assam are deprived of C TET: চি-টেটৰ ক্ষেত্রত পূৰ্বোত্তৰৰ ৰাজ্যসমূহক বঞ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ বাবে অসমৰ নিবনুৱাৰ চি-টেটত অৱতীৰ্ণ হোৱাৰ সপোন বাস্তৱায়িত হোৱা নাই (Assam are deprived of C TET)। অন্য ৰাজ্যৰ তুলনাত অসমত আসনৰ সংখ্যা তেনেই কম। চি-টেটৰ বাবে নিৰ্ধাৰিত আসনৰ মুঠ সংখ্যা হৈছে মাত্র ১৫,৫১৯ টা। ইয়াৰ বিপৰীতে দিল্লীত ২,২৩,০২৩ খন, উত্তৰ প্ৰদেশত ৩,৪১,৭৪৬ খন, ঝাৰখণ্ডত ৭৪,৭৬৩ খন আৰু মহাৰাষ্ট্ৰত আছে ৪৪,৭৬৩ খন। কেৱল অসমেই নহয় উত্তৰ-পূবৰ আন ৰাজ্যসমূহকো এইক্ষেত্রত বঞ্চিত কৰা হৈছে।

Thousands of candidates in Assam are deprived of C-TET
চি-টেটৰ ক্ষেত্রত পূৰ্বোত্তৰৰ ৰাজ্যসমূহক বঞ্চিত কৰিছে কেন্দ্ৰীয় চৰকাৰে

গুৱাহাটী,১৩ মে’ : দিল্লীয়ে অসমক বিভিন্ন ক্ষেত্রত বঞ্চনা কৰাটো নতুন কথা নহয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিশেষ দৰদ দেখুওৱা বিজেপি চৰকাৰেও একেই নীতি গ্ৰহণ কৰি আহিছে। কথাই কথাই অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ নাম উল্লেখ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে কিন্তু বাস্তৱত অসমৰ প্ৰতি উদাসীন মনোভাৱ প্ৰদৰ্শন কৰি আহিছে (Assam are deprived of C TET)। কেন্দ্ৰৰ এনে মনোভাৱৰ বাবেই ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই কেন্দ্ৰীয় চৰকাৰে অনুষ্ঠিত কৰা চি-টেটত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল (North East are deprived of C TET)।

অসমত শিক্ষকৰ চাকৰিৰ বাবে চি-টেট বা এ-টেট উত্তীর্ণ হোৱাটো বাধ্যতামূলক। অসম চৰকাৰে অনুষ্ঠিত কৰি অহা এ-টেট দুবছৰলৈ বন্ধ ৰাখিছে। যাৰ ফলত চি-টেটেই অসমৰ লাখ লাখ শিক্ষকৰ চাকৰি প্ৰত্যাশী নিবনুৱাৰ শেষ ভৰসা আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ বাবে অসমৰ নিবনুৱাৰ চি-টেটত অৱতীৰ্ণ হোৱাৰ সপোন বাস্তৱায়িত নহ'ল।

উল্লেখ্য যে, কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে চি-টেট অনুষ্ঠিত কৰে। শিক্ষকৰ যোগ্যতাৰ মাপকাঠি নিৰূপণৰ বাবে অনুষ্ঠিত চি-টেটৰ বাবে প্ৰতিখন ৰাজ্যত পৰীক্ষা কেন্দ্ৰসমূহত আসন নিৰ্ধাৰিত হৈ থাকে। অসমত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু তেজপুৰত মুঠ চাৰিটা চি-টেটৰ কেন্দ্ৰ আছে। এই কেন্দ্রসমূহত চি-টেটৰ বাবে নিৰ্ধাৰিত আসনৰ মুঠ সংখ্যা হৈছে মাত্র ১৫,৫১৯টা। কিন্তু ইয়াৰ বিপৰীতে আন আন ৰাজ্যত কেন্দ্রই অনুমোদন দিয়া চি-টেটৰ কেন্দ্ৰত আসনৰ সংখ্যা বহু বেছি। কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা চি-টেটত বহিবলৈ অনলাইনৰ জৰিয়তে আবেদন জনোৱাৰ প্ৰক্ৰিয়া ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু অন্ত পৰিব ২৬ মে'ত।

আনহাতে জুলাই মাহত দেশৰ বিভিন্ন কেন্দ্ৰত চি-টেট অনুষ্ঠিত হ'ব। লক্ষণীয় বিষয় যে চি-টেটত অৱতীৰ্ণ হ’বলৈ আবেদন জনোৱাৰ দিন আৰম্ভ হোৱাৰ তিনি দিনৰ ভিতৰতে ডিব্ৰুগড় কেন্দ্ৰত নিৰ্ধাৰিত ৪,০১২ খন, গুৱাহাটীৰ ৬,২৭৯ খন, যোৰহাটৰ ৪,০৯৯ খন আৰু তেজপুৰ কেন্দ্ৰৰ ১,১২৯ খন আসন সম্পূর্ণ হয়। যাৰ ফলত নতুনকৈ অসমৰ ইচ্ছুক প্রার্থীয়ে ৱেবছাইটত চি-টেটৰ বাবে আবেদন কৰিলেই সকলোবোৰ আসন সম্পূর্ণ হোৱা দেখুৱাই।

আন ৰাজ্যৰ তুলনাত অসমত চি-টেটৰ আসন অতি কম হোৱাত মাত্র তিনি দিনৰ ভিতৰতে সেই আসনসমূহ সম্পূৰ্ণ হৈ গ'ল। আন ৰাজ্যৰ পৰীক্ষা কেন্দ্ৰসমূহত থকা চি-টেটৰ আসন এতিয়াও খালী হৈ আছে। সেই ৰাজ্যসমূহত আসনৰ সংখ্যা অসমৰ তুলনাত বহু বেছি। পাটনাৰ পৰীক্ষা কেন্দ্ৰত থকা আসনৰ সংখ্যা হৈছে ১,৪৪,১৪৪খন। কিন্তু পাটনাৰ কেন্দ্ৰটোত এতিয়াও ৩০ হাজাৰৰো অধিক আসন খালী হৈ আছে। চি-টেটৰ ক্ষেত্ৰতো কেন্দ্ৰই বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ ফলত অসমৰ হাজাৰ হাজাৰ চি-টেটত অৱতীৰ্ণ হ'ব বিচৰা নিবনুৱাৰ আশাত চেঁচাপানী পৰিল।

উল্লেখ্য যে অসম চৰকাৰে এ-টেট অনুষ্ঠিত কৰিলে আঢ়ৈৰ পৰা তিনি লাখ পর্যন্ত প্রার্থীয়ে অৱতীর্ণ হয়। কিন্তু চি-টেটৰ ক্ষেত্রত অসমৰ চাৰিটা কেন্দ্ৰত মাত্র ১৫,৫১৯ খন আসন থকাৰ পৰিপ্ৰেক্ষিতত বহু প্ৰাৰ্থী বঞ্চিত হ'বলগীয়া হৈছে। অসমৰ বাবে কেন্দ্রই অতি সীমিত সংখ্যক আসন নিৰ্ধাৰণ কৰাৰ বিপৰীতে দিল্লীৰ পৰীক্ষা কেন্দ্ৰত ২,২৩,০২৩ খন, উত্তৰ প্ৰদেশত৩,৪১,৭৪৬ খন, ঝাৰখণ্ডত ৭৪,৭৬৩ খন, মহাৰাষ্ট্ৰত ৪৪,৭৬৩ খন আসনকে ধৰি আন আন ৰাজ্যত অসমতকৈ অধিক চি-টেটৰ আসন নিৰ্ধাৰণ কৰা হৈছে।

কেৱল অসমেই নহয় উত্তৰ-পূবৰ আন ৰাজ্যসমূহকো এইক্ষেত্রত বঞ্চিত কৰা হৈছে। চি-টেটৰ বাবে অৰুণাচলত ১,২৮২ খন, মণিপুৰত ২,১৯৪ খন, মেঘালয়ত ১৬১ খন আৰু নগালেণ্ডত ৫৯৭ খন আসনহে আছে। এইয়া হৈছে মোদী চৰকাৰৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰকৃত প্ৰেম তথা ভালপোৱাৰ নমুনা।

লগতে পঢ়ক:Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details