গুৱাহাটী,3 এপ্ৰিল: 6 এপ্ৰিলত ৰাজ্যৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে উবুৰি খাই পৰিছে প্ৰতিটো ৰাজনৈতিক দল । এফালে বিজেপিৰ মিত্ৰজোঁট আনফালে কংগ্ৰেছৰ মহাজোঁট । কোনোটো দলে পিছপৰি থকা নাই । গুৰুত্বপূৰ্ণ কথাটো হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া নামনি অসমৰ অধিকাংশ সমষ্টিতে নিৰ্ণায়ক হিচাপে চিহ্নিত হৈ আহিছে সংখ্যালঘু ভোটাৰ । গতিকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমত বিজেপিয়ে যি সংখ্যালঘু বিৰোধী প্ৰচাৰ চলাইছিল সেই প্ৰচাৰৰ ধাৰা তৃতীয় পৰ্যায়ত দলটোৱে সলনি কৰিছে ।
'অজাপ'ৰ উত্থানঃ তৃতীয় পৰ্যায়ত কংগ্ৰেছ-বিজেপিৰ মূৰৰ কামোৰণি 15 সমষ্টি - তৄতীয় পৰ্যায়ৰ নিৰ্বাচন
তৃতীয় পৰ্যায়ৰ 40 টা সমষ্টিৰ কমেও 15 টা সমষ্টিত শক্তিশালী ৰূপত থিয় দিছে অসম জাতীয় পৰিষদ । মহাজোঁট আৰু মিত্ৰজোঁটৰ যুঁজখনৰ মাজত 'অজাপ'ৰ প্ৰাৰ্থী উপকৃত হোৱাৰো সম্ভাৱনা আছে । যাৰ বাবে এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ মূৰৰ কামোৰণি হৈ পৰিছে ৰাজ্যৰ 15 টা সমষ্টি ।
আনহাতে, সংখ্যালঘু ভোটক সাৰথি কৰিয়েই অতদিনে ৰাজ্যত ৰাজনীতি কৰি আহিছে এ আই ইউ ডি এফে । কিন্তু বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মহাজোঁটৰ এই হিচাপ নিকাচত বহু পৰিমাণে আউল লগাইছে নৱগঠিত অসম জাতীয় পৰিষদে । কিয়নো, সংখ্যালঘু বসতি প্ৰধানকে ধৰি তৃতীয় পৰ্যায়ৰ এই 40 টা সমষ্টিৰ কমেও 15 টা সমষ্টিত শক্তিশালী ৰূপত থিয় দিছে অসম জাতীয় পৰিষদ । ফলত মহাজোঁট আৰু মিত্ৰজোঁটৰ যুঁজখনৰ মাজত 'অজাপ'ৰ প্ৰাৰ্থী উপকৃত হোৱাৰো সম্ভাৱনা আছে । তেনে কেইটামান সমষ্টি হ'ল- পূৱ গুৱাহাটী, বিলাসীপাৰা পূৱ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, বঙাইগাঁও, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, জনিয়া, বৰক্ষেত্ৰী, ধৰ্মপুৰ, হাজো আদি ।
লগতে পঢ়ক: মাজনিশা শিলচৰৰ ৰাজপথত মহিলা আৰক্ষীৰ প্ৰতিবাদ