অসম

assam

ETV Bharat / state

3rd Lyongthang Shotokan Karate Championship : যোৰহাটৰ ৰেড ড্ৰেগনৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ - গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড

দেওবাৰে সফল সামৰণি পৰে তৃতীয় লিয়ংথাং ছট’কান কাৰাটে চেম্পিয়নশ্বিপৰ (3rd Lyongthang Shotokan Karate Championship) ৷ এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগনে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ৷

Lyongthang Sotokan Karate Championship
যোৰহাটৰ ৰেড ড্ৰেগনে শ্ৰেষ্ঠ দলৰ সন্মান লাভ

By

Published : Apr 26, 2022, 7:54 AM IST

গুৱাহাটী, 26 এপ্ৰিল :শনিবাৰৰ পৰা ‘‘লিয়ংথাং ছট’কান কাৰাটে স্কুল অৱ আসাম’’ ৰ উদ্যোগত নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আয়োজিত কৰা হয় তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপ (3rd Lyongthang Shotokan Karate Championship) ৷ দেওবাৰে নিশা এই চেম্পিয়নশ্বিপৰ সফলতাৰে সামৰণি পৰে ৷

এই প্ৰতিযোগিতাত অসমৰ যোৰহাট, নগাঁও, দৰং, কামৰূপ(গ্ৰাম্য), কামৰূপ(ম), নলবাৰী আদি বিভিন্ন জিলাৰ উপৰিও চুবুৰীয়া মেঘালয়ৰ পৰা প্ৰায় 700 তকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমী দলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় (Red Dragon Martial Arts Academy team of Jorhat won the best team honor) ৷ প্ৰতিযোগিতাখনত দলটোৱে মুঠ 12 টা সোণৰ পদক লাভ কৰে ৷

যোৰহাটৰ ৰেড ড্ৰেগনৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ

আনহাতে, গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড (Unified Karate Guild in Guwahati) দলে 8 টা সোণৰ পদকসহ ৰাণাৰ্চ আপ বঁটা লাভ কৰে ৷ ইফালে আয়োজক দল লিয়ংথাং ছট’কান কাৰাটে স্কুল অৱ অসম দলে 5 টা সোণ, 5 টা ৰূপ আৰু 12 টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ এই প্ৰতিযোগিতাৰ প্ৰথমদিনা 12 বছৰ বয়সৰ পৰা ছিনিয়ৰ কেটেগৰীলৈকে আৰু দ্বিতীয় দিনা 6 বছৰ অনুৰ্ধৰপৰা 11 বছৰ বয়সলৈকে বিভিন্ন কেটেগৰীৰ প্ৰতিযোগিতাসমূহ সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে, এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ কাৰাটে গুৰু তথা সদৌ মেঘালয় কাৰাটে এচ’ছিয়েছনৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত শ্বিহান ষ্টীফেন লিয়ঙৰ পুত্ৰ ছান লিয়ং ৷

লগতে পঢ়ক :এসময়ৰ বেগী বলাৰ এছ শ্ৰীশান্ত এতিয়া হ’লগৈ চলচ্চিত্ৰ তাৰকা

ABOUT THE AUTHOR

...view details