অসম

assam

ETV Bharat / state

ৰাজ্য ৰাজনীতিত সম্ভৱ হৈ উঠিবনে তৃতীয় বিকল্পৰ - কংগ্ৰেছ বিৰোধী

শাসকীয় দলৰ গণবিৰোধী স্থিতি, প্ৰতিশ্রুতি ভংগ আৰু বিৰোধী দলৰ দুৰ্বল ভূমিকাৰ প্ৰেক্ষাপটত অসমৰ ৰাজনীতিত প্ৰায়েই উত্থাপিত হৈ আহিছে তৃতীয় ৰাজনৈতিক বিকল্পৰ কথা। তাকে লৈ বিগত সময়ত চলি আহিছে বহু ৰাজনৈতিক কছৰৎ কিম্বা গুণাগঠা। অৱধাৰিত ভাৱে এইবাৰো সমাগত বিধান সভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত আৰম্ভ হৈছে বিজেপি আৰু কংগ্ৰেছ বিৰোধী তৃতীয় বিকল্প ৰাজনৈতিক মৰ্চা গঠনৰ তৎপৰতা । কিন্তু ৰাজ্য ৰাজনীতিত এইবাৰ সম্ভৱ হৈ উঠিবনে এনে এক তৃতীয় বিকল্পৰ ? কি হ'ব এই বিকল্পৰ ৰাজনৈতিক সমীকৰণ ? কি প্ৰতিশ্রুতি লৈ তেওঁলোক কাষ চাপিব ভোটাৰৰ ? কোন কোন নেতাৰ নেতৃত্বত গঠন হ'ব এই এই মৰ্চা ?

assam politics
assam politics

By

Published : Jun 16, 2020, 10:59 PM IST

গুৱাহাটী, 16 জুন : অহা এপ্ৰিল- মে' মাহত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বিজেপি আৰু কংগ্ৰেছ বিৰোধী ৰাজনৈতিক শিবিৰ এক লগ হৈ এক ৰাজনৈতিক তৃতীয় বিকল্প গঠনৰ দিশে আগবাঢ়িছে ৰাজ্য ৰাজনীতি। হয়তো আৰু কিছু দিনৰ ভিতৰতে এই তৃতীয় বিকল্পৰ ৰূপৰেখাই সাধাৰণ জনতাৰ সমূখত ভূমুকি মাৰিবহি। অতি লক্ষনীয়ভাবে কৰ'ণা কেন্দ্ৰিক লক ডাউন ক্ৰমাৎ খোল খোৱাৰ লগে লগে তৃতীয় বিকল্প গঠনৰ কৰিব বিচৰা বা চামিল হ'ব খোজা ৰাজনৈতিক দল সংগঠন সমূহে ঘনে ঘনে আলোচনাত মিলিত হৈছে ।

ৰাজ্য ৰাজনীতিত সম্ভৱ হৈ উঠিবনে তৃতীয় বিকল্পৰ

যোৱা 14 জুনৰ দিনা বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ নেতৃত্বত গুৱাহাটীৰ উজান বজাৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এই সভাৰ বিষয় আৰু উপস্থিতিয়ে তৃতীয় বিকল্প গঠনৰ শেহতীয়া প্ৰেক্ষাপটক আঙুলিয়াই দিছে। সাংসদ অজিত কুমাৰ ভূঞা ই লোৱা এই তৎপৰতাৰ আঁৰত যে তেওঁ নিজেই তৃতীয় ৰাজনৈতিক বিকল্পৰ নেতৃত্ব লোৱাৰ উদ্দেশ্য নিহিত হৈ আছে সেয়া স্পষ্ট কৰিছে ।

আনহাতে কংগ্ৰেছৰ সমৰ্থনত ৰাজ্য সভাৰ আসন লাভ কৰা সাংসদ ভূঞাৰ কংগ্ৰেছ- বি জে পি বিৰোধী ভূমিকা লোৱাৰ নৈতিক অধিকাৰ নাই বুলি তৃতীয় বিকল্পৰ বাবে কাম কৰিব বিচৰা একাংশ লোকে আঙুলিয়াই দিছে। এই ক্ষেত্ৰত স্পষ্ট কৰিছে। আনহাতে কংগ্ৰেছৰ সমৰ্থনত ৰাজ‍্য সভাৰ আসন লাভ কৰা সাংসদ ভূঞাই কংগ্ৰেছ- বিজেপি বিৰোধী ভূমিকা লোৱাৰ নৈতিক অধিকাৰ নাই বুলি তৃতীয় বিকল্পৰ বাবে কাম কৰিব বিচৰা একাংশ লােকে আঙুলিয়াই দিছে। এই ক্ষেত্ৰত স্পষ্টভাৱে মন্তব্য কৰিছে প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন‍্যু হাজৰিকাই ।

অন্যহাতে এই বহু চৰ্চিত তৃতীয় বিকল্পত বৰ্তমান কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ ভূমিকা কি হ'ব সেয়া আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ এই পৰ্যন্ত তৃতীয় বিকল্প উৎথাপন সন্দৰ্ভত অখিল গগৈৰ কিম্বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই। একেদৰে এনে ৰাজনৈতিক তৎপৰতাই ইতিমধ‍্যে অস্ত্ৰ সম্বৰন কৰি চৰকাৰৰ সৈতে আলোচনাৰ মজিয়াত থকা আলফা কে মুখ‍্য কৰি অন‍্যান‍্য জনগোষ্ঠীয় সশস্ত্ৰ নেতা সকলক সামৰি লব নলব সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক :ষ্টাফ কলেজত ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details