অসম

assam

ETV Bharat / state

Multilingual international mime journal: বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নিৰ্বাকৰ তৃতীয় সংস্কৰণ মুকলি - বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নিৰ্বাক

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল ‘নিৰ্বাক’ৰ তৃতীয় সংস্কৰণ মুকলি । দেওবাৰে গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি কৰা হয় নিৰ্বাকৰ তৃতীয় সংস্কৰণটি (Mime journal Nirbak released) । জনপ্ৰিয় যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত প্ৰকাশ কৰা হৈছে এইবাৰৰ নিৰ্বাক ।

Multilingual international mime journal Nirbak released
বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নিৰ্বাকৰ তৃতীয় সংস্কৰণ মুকলি

By

Published : Apr 23, 2023, 10:19 PM IST

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নিৰ্বাকৰ তৃতীয় সংস্কৰণ মুকলি

গুৱাহাটী,২৩ এপ্ৰিল: মুকলি কৰা হ'ল বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল ‘নিৰ্বাক’ৰ তৃতীয় সংস্কৰণ (Mime journal Nirbak released) । গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত দেওবাৰে মুকলি কৰা হয় বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেলখন । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ(ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, সাই বিকাশ গ্ৰুপ অৱ স্কুলৰ পৰিচালন সঞ্চালক পি শ্ৰীনিবাস ৰেড্ডী, আই জি এন চি এৰ আঞ্চলিক সঞ্চালক সুৰেশ ৰঞ্জন গদুকাকে ধৰি বহু কেইগৰাকীও বিশিষ্ট ব্যক্তি (Multilingual international mime journal) ।

জনপ্ৰিয় যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত প্ৰকাশিত এই আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাখনৰ লক্ষ্য হৈছে বিভিন্ন দেশৰ বিশেষজ্ঞৰ প্ৰবন্ধ সন্নিবিষ্ট কৰা আৰু বিভিন্ন মুকাভিনয় শিল্পীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি সমগ্ৰ বিশ্বতে মুকাভিনয়ৰ প্ৰচাৰত অৰিহনা যোগোৱা । পত্ৰিকা উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিনাংক ডেকাই আলোচনীখন প্ৰকাশৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে । লগতে পত্ৰিকা উন্মোচক, বিশিষ্ট অতিথি তথা উপস্থিত প্ৰতিগৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে (Multilingual international mime journal Nirbak released) ।

কামৰূপ (ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এই পদক্ষেপৰ শলাগ লৈ মুকাভিনয়ক অকথ্য যোগাযোগৰ অন্যতম শক্তিশালী আহিলা হিচাপে অভিহিত কৰে আৰু ইয়াৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে । উদ্বোধনী অনুষ্ঠানত সাই বিকাশৰ এম ডি শ্ৰীনিবাস ৰেড্ডী, এডিচি কামৰূপ কমল বৰুৱা, আই জি এন চি এৰ আঞ্চলিক সঞ্চালক সুৰেশ ৰঞ্জন গদুকাকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি মুকাভিনয় শিল্পকলাৰ প্ৰচাৰত আলোচনীখনৰ তাৎপৰ্য আৰু ইয়াৰ সাংস্কৃতিক গুৰুত্বৰ বিষয়ে বক্তব্য আগবঢ়ায় ।

'নিৰ্বাক' পত্ৰিকাৰ তৃতীয় সংস্কৰণে আমাৰ ৰাজ্য তথা সমগ্ৰ বিশ্বৰ মুকাভিনৰ অনুৰাগী আৰু অনুশীলনকাৰীসকলৰ বাবে এক প্ৰয়োজনীয় জ্ঞান আৰু প্ৰেৰণাৰ উৎস হ'ব বুলি প্ৰকাশ কৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে । প্ৰতিগৰাকী ব্যক্তিয়ে এই প্ৰচেষ্টাক শলাগ লয় ।

লগতে পঢ়ক:Free health check-up camp: টীয়কত বিনামূলীয়া চকু পৰীক্ষা আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details