গুৱাহাটী, ১০ অক্টোবৰ: নুনমাটি আৰক্ষীয়ে অভিযান চলাই দেওবাৰে নিশা ৪ জনক গভাইত চোৰক গ্ৰেপ্তাৰ (Thief arrested at Guwahati) কৰে । আৰক্ষীৰ জালত পৰা চোৰকেইটা হৈছে নুনমাটিৰ মাজু আলী, ফাজল আলী,বাইহাটা চাৰিআলি মুক্তাপুৰৰ মহম্মদ আব্দুল আলী আৰু পঞ্জাবাৰী বিষ্ণু নগৰৰ মহম্মদ লিটন আলী ।
উল্লেখ্য যে, যোৱা ৮ আগষ্টত নুনমাটিৰ নিজৰাপাৰৰ (Theft in Noonmati of Guwahati) তাৰা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা দুই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুটি নিছিল মাজু আলী আৰু ফাজল আলীয়ে । উক্ত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে যোৱা ৮ আগষ্টত নুনমাটি আৰক্ষী থানাত (Noonmati Police Station) এজাহাৰ দাখিল কৰে ।