গুৱাহাটী, 2 মে’: আৰক্ষী থানাৰ আশা-পাশে চোৰ-ডকাইতৰ তাণ্ডৱ নতুন কথা নহয় ৷ এইবাৰ খোদ আৰক্ষী বিষয়াৰ কোঠাৰ কাষতেই চোৰে অভিযান চলাই নাক-কাণ কাটিলে স্মাৰ্ট আৰক্ষীৰ ৷ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক বৃদ্ধাগুষ্ঠ প্ৰদৰ্শন কৰি লুটি নিলে লক্ষাধিক টকাৰ আ-অলংকাৰৰ লগতে নগদ ধন (Theft in Guwahati)৷ আৰক্ষীৰ কাষত থাকিও নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসীয়ে ৷
আৰক্ষীক নাকত ধৰি চাকত ঘূৰোৱা স্মাৰ্ট চোৰে সাতগাঁও থানাৰ(Satgaon police station) ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে থানাখনৰ দুজনকৈ ছাব ইন্সপেক্টৰে বাসকৰা কোঠাৰ তলৰ মহলৰ পৰাই দেওবাৰে নিশা চোৰে লুটি লৈ গ’ল নগদ ৯০ হাজাৰ টকা আৰু প্ৰায় ২০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ (Theft at police police officer's residential area in Guwahati) ৷ মহানগৰীৰ সাতগাঁৱত সংঘটিত এই চুৰিকাণ্ডৰ পাছতে চৰম নিৰাপত্তাহীনতাত ভোগাৰ কথা প্ৰকাশ কৰিছে ভুক্তভুগী পৰিয়ালটোৱে ৷
তিনিজনকৈ আৰক্ষী বিষয়াৰ চৌহদতে চোৰে চলালে তাণ্ডৱ সাতগাঁও থানাৰ গাতে লাগি থকা নাৰায়ণ মালাকাৰ নামৰ এঘৰ লোকৰ ঘৰত গৃহস্থ শুই থকা অৱস্থাত চোৰে লুটি নিলে এই বৃহৎ পৰামানৰ সা-সম্পত্তি ৷ চোৰে লুটি নিয়া সোণৰ অলংকাৰখিনি দুদিন পূৰ্বে সম্পৰ্কীয় লোকৰ বিয়াৰ বাবে ক্ৰয় কৰিছিল বুলি ভুক্তভোগী পৰিয়ালে সদৰি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি নাৰেংগী ৰেলৱৈ ষ্টেচনৰ চুপাৰেন্টটেণ্ট নাৰায়ণ মালাকাৰৰ সাতগাঁও ঘৰটোত দেওবাৰে নিশা প্ৰায় ২ মান বজাত চোৰে তলা ভাঙি ঘৰটোত প্ৰৱেশ কৰে । তাৰ পিছত গড্ৰেজৰ তলা ভাঙি নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়ে ।
সোমবাৰে পুৱাৰ ভাগত গৃহস্থই চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি সাতগাঁও আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত গৃহস্থৰ ওপৰত চোৰে নিচাজাতীয় স্প্ৰে’ ব্যৱহাৰ কৰি চুৰিকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰাৰ বাহিৰে আন একো তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক:বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়