গুৱাহাটী, ১৯ ছেপ্টেম্বৰ :মহানগৰীৰ চন্দ্ৰপুৰৰ এটা মৃত প্ৰায় উদ্যোগ অসম ৰাজ্যিক সাৰ আৰু ৰাসায়নিক প্ৰকল্পত শনিবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এক চুৰি কাণ্ড । পুৱতি নিশা দুই চোৰে উদ্যোগটোৰ ভিতৰত প্ৰৱেশ কৰিলে ঠিকেই কিন্তু চোৰৰ দিন বেয়া আছিল । পূৰ্বৰ পৰা খাপ পিটি চোৰৰ গতি বিধি লক্ষ্য কৰি থকা স্থানীয় একাংশ লোকে দুই চোৰে ক’পাৰ চুৰি কৰি থকা অৱস্থাতে হাটে-লোটে ধৰিবলৈ সক্ষম হয় ।
পিছত চোৰক ঔকিল শোধাই ৰাইজে গতাই দিয়ে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত । আৰক্ষীয়ে আটক কৰা ধৃত চোৰ দুটা হৈছে কামৰূপ জিলাৰ হাজোৰ নুৰ মহম্মদ (৩৫) আৰু নগাঁৱৰ দুলাল মিঞা । ইফালে প্ৰকল্পটোৰ কৰ্তৃপক্ষই তৰফৰ পৰা জানিব পৰা মতে, চোৰ কেইটাই মূলত কাৰখানাটোত থকা বিদ্যুৎ পৰিবাহী কপাৰ সমূহ চোৰ কৰিবৰ বাবে আহিছিল ।
কিয়নো কাৰখানাটোত থকা লোহাৰ সামগ্ৰী নতুবা উদ্যোগটোত থকা অন্যান্য মূল্যবান সামগ্ৰী চোৰে লুট কৰি নিয়া নাই বা নিবলৈ চেষ্টা কৰা নাই । কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, ইয়াৰ পূৰ্বেও কেইবাবাৰো চুৰি কাণ্ড সংঘটিত হৈছিল কাৰখানাটোত । এই সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছিল কৰ্তৃপক্ষই ।