অসম

assam

ETV Bharat / state

মন্দিৰ-নামঘৰত নহয় চোৰ সোমাল এন আৰ চি কেন্দ্ৰত ! - guwahati

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ প্ৰাকক্ষণত এইবাৰ চুৰি কাৰ্য সংঘটিত হ'ল মহানগৰীৰ এল পি স্কুলৰ এন আৰ চি কেন্দ্ৰত

মন্দিৰ-নামঘৰত নহয় চোৰ সোমাল এন আৰ চি কেন্দ্ৰত !

By

Published : Jul 31, 2019, 5:13 PM IST

গুৱাহাটী, 31জুলাইঃ 31 আগষ্টত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তে মহানগৰীৰ নাৰেংগীৰ এল পি স্কুলৰ এন আৰ চি কেন্দ্ৰত চুৰি কাৰ্য সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এন আৰ চিৰ তথ্য পাতি বিনষ্ট কৰাৰ উদ্দেশ্যে নাৰেংগীৰ এল পি স্কুলৰ এন আৰ চি কেন্দ্ৰত চোৰে চুৰি কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

এইবাৰ মন্দিৰ-নামঘৰত নহয় চোৰ সোমাল এন আৰ চি কেন্দ্ৰত
উল্লেখ্য যে,নাৰেংগী এল পি স্কুলৰ এন আৰ চি কেন্দ্ৰত দীৰ্ঘদিন ধৰি বিষয়া কৰ্মচাৰী সকলে এন আৰ চিৰ শুনানিৰ কাম কৰি আছিল। মঙলবাৰে এন আৰ চিৰ কাম সম্পূৰ্ণ কৰি কৰ্মচাৰী সকলে কাৰ্যালয়ত তলা মাৰি ঘৰলৈ যায় পুনৰ বুধবাৰে পুৱাৰ ভাগত কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহি কাৰ্যালয়টোৰ তলা ভঙা আৰু সমগ্ৰ সামগ্ৰী লণ্ডভণ্ড কৰি থোৱা দেখা পায়। লগে লগে কৰ্মচাৰী সকলে ঘটনা সন্দৰ্ভত নুনমাটি থানাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত আৰক্ষীয়ে তলা ভঙা ৰড আৰু সাতটা ভঙা তলা উদ্ধাৰ কৰে। উল্লেখ্য যে,এন আৰ চি কেন্দ্ৰটোৰ পৰা কোনো ধৰণৰ সামগ্ৰী চুৰি নোহোৱাত সমস্ত ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

ABOUT THE AUTHOR

...view details