অসম

assam

ETV Bharat / state

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত চোৰৰ লুটপাত - assam news

নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখতে চোৰে লুটি নিয়ে ব্যায়ামৰ সামগ্ৰী আৰু এটা ইলেক্ট্ৰনিক পানী ফিল্টাৰ

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত চোৰৰ লুটপাত

By

Published : Apr 27, 2019, 12:49 AM IST

গুৱাহাটী, 26 এপ্ৰিলঃ নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা ৰাজ্যৰ মূল স্থানতে সংঘটিত হ'ল চুৰিকাণ্ড। আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চোৰৰ চাফাই অভিযান। শুকুৰবাৰে অসম সচিবালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত চোৰে চলালে লুটপাত। চোৰে লুটি নিয়ে প্ৰায় ২ লাখ টকাৰ সা-সামগ্ৰী । উদ্যানখনত পুৱা-গধূলি শাৰিৰীক অনুশীলনৰ বাবে অহা লোকসকলৰ সুবিধাৰ্থে উদ্যান কৰ্তৃপক্ষই ব্যায়ামৰ সামগ্ৰী, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিছিল। কিন্তু নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখতে চোৰে লুটি নিয়ে ব্যায়ামৰ সামগ্ৰী আৰু এটা ইলেক্ট্ৰনিক পানী ফিল্টাৰ । আনহাতে,শাৰিৰীক অনুশীলনৰ বাবে একাংশ সাধাৰণ লোকে নিজৰ মাজতে অৰ্থ সংগ্ৰহ কৰি ব্যায়ামৰ সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছিল যদিও চুৰিকাণ্ডৰ ঘটনাৰ পাচতে শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত চোৰৰ লুটপাত

ABOUT THE AUTHOR

...view details