গুৱাহাটী, 12 অক্টোবৰ:গুৱাহাটী মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। নিতৌ মহানগৰীত এনে চোৰে থপিয়াই নিয়ে বিভিন্নজনৰ নানা সামগ্ৰী। এইবাৰ পাণ্ডুত চুৰি কৰিবলৈ গৈ জালুকবাৰী আৰক্ষীৰ জালত পৰিল এটা দুৰ্ধৰ্ষ চিলনী চোৰ। গীতা চক্ৰৱৰ্তী নামৰ এগৰাকী বৃদ্ধাৰ পৰা চোৰটোৱে কাঢ়ি নিছিল সোণৰ চেইন। পাণ্ডু হঠাৎ কলনীত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সংঘটিত হোৱাৰ পিছত বৃদ্ধাগৰাকীয়ে জালুকবাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি অভিযান চলাই আৰক্ষীয়ে দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ - পাণ্ডু
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,পাণ্ডুৰ বন্ধন দাস নামৰ চোৰটোৱে চেইনডাল চুৰি কৰি বিক্ৰী কৰে পিংকু দাসৰ জুৱেলাৰীত। বৰ্তমান চোৰসহ জুৱেলাৰীৰ মালিক পিংকু দাসক গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে।
![জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ thief-arrested-in-guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9151021-thumbnail-3x2-pandu.jpg)
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চিলনী চোৰ
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,পাণ্ডুৰ বন্ধন দাস নামৰ চোৰটোৱে চেইনডাল চুৰি কৰি বিক্ৰী কৰে পিংকু দাসৰ জুৱেলাৰীত। বৰ্তমান চোৰসহ জুৱেলাৰীৰ মালিক পিংকু দাসক গ্ৰেপ্তাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে। লগতে জব্দ কৰিছে চুৰিকাণ্ডত ব্যৱহৃত এখন স্কুটি।
লগতে পঢ়ক: ডঃ দেৱেন দত্ত হত্যাকাণ্ডৰ ৰায়দান : 25 জনক দোষী সাব্যস্ত