গুৱাহাটী ৫ ফেব্ৰুৱাৰী:গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা (Crime incident increases in Guwahati) ৷ মাহনগৰীৰ স্মাৰ্ট আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ আৰক্ষীক মুকলি প্ৰত্যাহ্বান কৰিছে যেন অপৰাধীয়ে ৷ মহানগৰীত প্ৰতিদিনে ইটোৰ পিচত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বহু সময়ত প্ৰশ্নৰ উত্থাপন কৰিছে ৷ চুৰি, ডকাইতি, হত্যা এতিয়া যেন সাধাৰণ ঘটনাত পৰিণত হৈছে মহানগৰীত (Crime report increases in Guwahati) ৷
এইবাৰ মহানগৰীৰ বশিষ্ঠত পুনৰ চুৰিকাণ্ড সংঘটিত হৈছে (Theft incident at Basishta) ৷ শনিবাৰে নিশাৰ ভাগত স্বৰ্গপুৰৰ গৃহ নম্বৰ ৫০ ত কিছু সময়ৰ বাবে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলাই চাফাই অভিযান ৷ ঘটনাৰ বিৱৰণী অনুসৰি ঘৰৰ গৃহস্থগৰাকীয়ে ঘৰৰ সকলো কাম-বন সামৰি চুবুৰীয়া এঘৰলৈ বিশেষ কামৰ বাবে গৈছিল ৷ তেওঁ যাওঁতে ঘৰৰ দুৱাৰত তলা লগাই থৈয়েই গৈছিল ৷ কিন্তু তেওঁ আহি পাই দেখে ঘৰৰ গ্ৰীলৰ লগতে দুৱাৰ খোলা হৈ আছে ৷ এই ঘটনা দেখি মহিলাগৰাকী প্ৰথমে হতবাক হয় ৷ লগে লগে তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে, তেওঁলোকৰ গড্ৰেজ খোলা হৈ থকাৰ লগত বিচনা আৰু সকলো আচবাব লণ্ড-ভণ্ড হৈ আছিল ৷