অসম

assam

ETV Bharat / state

ৰাইজে হাতে-লোটে ধৰি কিলালে চোৰক - মালিগাঁৱত চুৰিকাণ্ড

এটা চুৰিকাণ্ডক কেন্দ্ৰ কৰি মালিগাঁৱত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহোঁতে হাতে-লোটে ৰাইজে কৰায়ত্ত কৰে এটা চোৰক । ৰাইজে চোৰটোক ধৰি খুঁটাত বান্ধি উত্তম মধ্যম শোধাই । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে চোৰটো । চোৰটো আমিনগাঁৱৰ দীপেন দাস বুলি জানিব পৰা গৈছে ৷

চুৰিকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

By

Published : Nov 16, 2019, 9:57 AM IST

মালিগাঁও, 16 নৱেম্বৰঃ শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ মালিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । এখন দোকানৰ পৰা সামগ্ৰী চুৰি কৰিবলৈ আহোঁতে হাতে-লোটে ৰাইজে ধৰে এটা চোৰক । ৰাইজে চোৰটোক ধৰি খুঁটাত বান্ধি উত্তম মধ্যম শোধাই । ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে চোৰটো । চোৰটো আমিনগাঁৱৰ দীপেন দাস বুলি জানিব পৰা গৈছে ৷

চুৰিকাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে, বিগত কেইবাদিন ধৰি জালুকবাৰী আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চোৰে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ মালিগাঁৱ অঞ্চলত । সঘনাই সংঘটিত হৈ আছে চুৰিকাণ্ড । আৰক্ষীৰ তহলদাৰী ব্যৱস্থা আছে যদিও সেই ব্যৱস্থাক কেৰেপ নকৰে চোৰে । তহলদাৰী ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ দাবী জনাই অঞ্চলটোৰ ৰাইজে । উল্লেখযোগ্য যে, যোৱা সপ্তাহত চাৰিটাকৈ চুৰিকাণ্ড সংঘটিত হৈছিল অঞ্চলটোত ।

ABOUT THE AUTHOR

...view details